অসম

গুৱাহাটী বিশ্ববিদ্যালয়ত বিকশিত ভাৰত @২০৪৭: ভ‌ইচ অফ ইউথ অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ত বিকশিত ভাৰত @২০৪৭ : ভ‌ইচ অফ ইউথ অনুষ্ঠানটি ২১ ডিচেম্বৰত ফণীধৰ দত্ত আলোচনা চক্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।অসমৰ ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈৰ পৰামৰ্শ অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয় আৰু এন এছ এছ কোষৰ সহযোগত এই অনুষ্ঠান অনুষ্ঠিত হয়।

অতিথি আৰু অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক আৰু বিকশিত ভাৰত ২০২৪ৰ ন'ডেল বিষয়া ড° ৰঞ্জন কুমাৰ কাকতিয়ে কয় যে, যুৱক-যুৱতীসকলে বিকশিত ভাৰতৰ সৈতে জড়িত হৈ দেশখনক আগুৱাই নিব লাগে । লগতে ২০৪৭ চনৰ ভিতৰত এখন উন্নত দেশ গঢ়িবলৈ আৰু সু পৰামৰ্শ আগবঢ়াবলৈ অনুৰোধ জনায় ।

তেওঁ কয়, যুৱক-যুৱতীসকল আমাৰ দেশৰ ভৱিষ্যত, তেওঁলোকে MyGovt.in পৰ্টেলত পঞ্জীয়ন কৰি নিজৰ ভূমিকা আৰু দায়িত্ব দেখুৱাব লাগে। কাৰ্যসূচী উদ্বোধন কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ ডীন অধ্যাপক দিব্যজ্যোতিব মহন্তই ।

তেওঁ কয় যে ভাৰতে ২০৪৭ চনত স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব আৰু এই শতবৰ্ষৰ সময়ছোৱাত ভাৰত এখন উন্নত দেশ হ’ব লাগিব আৰু ই বৰ্তমান ভাৰতৰ প্ৰতিজন যুৱকৰ প্ৰধান দায়িত্ব । ভাৰতৰ স্বাধীনতাৰ ১০০ বছৰীয়া ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ভাৰত চৰকাৰৰ দৃষ্টিভংগী হৈছে বিকশিত ভাৰত@২০৪৭ । এই দৃষ্টিভংগীয়ে অৰ্থনৈতিক বৃদ্ধি, সামাজিক প্ৰগতি, পৰিৱেশ বহনক্ষমতা, আৰু সুশাসনকে ধৰি উন্নয়নৰ বিভিন্ন দিশ সামৰি লৈছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ঈশাংকুৰ শইকীয়াই MyGovt.in পৰ্টেলৰ পঞ্জীয়ন পদ্ধতি আৰু বিকশিত ভাৰত @২০৪৭ সম্পৰ্কে সবিশেষ ব্যাখ্যা কৰে। এন এছ এছৰ উত্তৰ পূৱৰ আঞ্চলিক সঞ্চালক শ্ৰী জংজিলঙে মাই ভাৰত পৰ্টেলৰ পঞ্জীয়ন পদ্ধতিৰ বিষয়ে আৰু মাই ভাৰত পৰ্টেলত পঞ্জীয়নৰ সুবিধাসমূহৰ বিষয়ে ব্যাখ্যা কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়ৰ যুৱক-যুৱতীসকলেও বিকশিত ভাৰতৰ ধাৰণা সম্পৰ্কে বক্তব্য আগবঢ়ায়। বিশ্ববিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা ড০ বন্দনা চৌধুৰী, এনে এছ এছ কাৰ্যসূচী বিষয়া ডাঃ ঋতুপৰ্ণ বৰাও যুৱক-যুৱতীসকলৰ সৈতে বাৰ্তালাপ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰু ইয়াৰ অধীনৰ কলেজসমূহৰ পৰা প্ৰায় ২০০ গৰাকী অংশগ্ৰহণকাৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।