অসম

তিনিদিনীয়া বৰ্ণাঢ্য আয়োজনঃ ঘিলামৰা কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ অসমীয়া লোক সংস্কৃতিৰ স্বকীয় উপস্থাপনৰ এক পুৰণি অনুষ্ঠান  ঘিলামৰা কেন্দ্রীয় ৰঙালী বিহু সন্মিলন  । ঘিলামৰাবাসীৰ প্ৰাণৰ উৎসৱ এই ৰঙালী বিহুৰ ৬৫ সংখ্যক সন্মিলনৰ বৃহস্পতি বাৰে লাইখুঁটা স্থাপন কৰা হয় এক উৎসৱমুখৰ পৰিবেশত।

ঘিলামৰা কৃষ্টিভৱন প্ৰাঙ্গনত  ঘিলামৰাৰ লোকসংস্কৃতি প্ৰেমী ৰাইজৰ উপস্থিতিত সন্মিলনৰ লাইখুঁটা স্থাপন কৰা হয়। সন্মিলনৰ স্থায়ী সমিতিৰ সভাপতি হিৰণ্য হাজৰিকা, সম্পাদক উত্তম কুমাৰ হাজৰিকা, উদযাপন সমিতিৰ সভাপতি দেবজিত বৰগোঁহাই, সম্পাদক ৰাজু গগৈৰ লগতে  বিহুবলীয়া ৰাইজৰ সহয়োগত সন্মিলনৰ এই প্ৰাৰম্ভিক কাৰ্য সম্পন্ন কৰা হয় গায়ন বায়ন আৰু ঢোল পেঁপাৰ ছন্দোময় পৰিবেশত ।

বৃহস্পতি বাৰে দুপৰীয়া অনুষ্ঠিত লাই খুটা স্থাপন অনুষ্ঠানত লোক সংস্কৃতিৰ অপূৰ্ব ধাৰাক বিগত ৬টা দশকৰো অধিক কাল পৰম্পৰাগত ভাবে ঘিলামৰাবাসীয়ে প্ৰবাহিত কৰি অহা বুলি মন্তব্য কৰে স্থায়ী সমিতিৰ সভাপতি হিৰণ্য হাজৰিকাই।।

ঘিলামৰাৰ প্ৰায়  দুকুৰি গাঁৱৰ চহা প্ৰাণ ৰাইজৰ উমৈহতীয়া উদ্যোগত  সুদীর্ঘ সময় ধৰি অনুষ্ঠিত কৰি অহা এই বিহু সন্মিলনখন ঘিলামৰীয়াৰ নিজস্ব লোক সম্পদ বুলি সদৰি কৰে উদযাপন সমিতিৰ সভাপতি দেৱজিত বৰগোঁহাইয়ে।

লাই খুঁটা স্থাপন অনুষ্ঠানত স্থায়ী সমিতি, উদযাপন সমিতিৰ বিষয় ববীয়া, চেমনীয়া ,জীয়ৰী ,বোৱাৰী সকলোৱে বিহু নাচি এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰে । স্মৰ্তব্য যে অহা ২৩ এপ্রিলৰ পৰা  তিনি দিনীয়াকৈ অনুষ্ঠিত হব লগীয়া সন্মিলনত প্ৰথম বাৰৰ বাবে সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। অনুষ্ঠিতব্য হুঁচৰি প্ৰতিযোগিতাত মুঠ এক লাখ টকা নগদ পুৰষ্কাৰ প্ৰদানৰ দিহা কৰা হৈছে।

তিনিও দিনৰ বণাঢ্য কাৰ্য্যসুচীত মুকলি বিহু, বৰ বিহুৱতী, সৰু বিহুৱতী , টকা বিহু  বৰ বিহুৱা, সৰু বিহুৱা ঢোল বাদনৰ লগতে কেইবাটাও পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতাৰ অনুষ্ঠিত হব বুলি জানিবলৈ দিলে স্থায়ী সমিতিৰ সম্পাদক উত্তম হাজৰিকাই।