অসম

মহিলাক বেয়া আচৰণ, লম্পট যুৱকক উত্তম-মাধ্যম সোধাই আৰক্ষীক গতালে ৰাইজে

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰদৈ তিনিআলিৰ সমীপত সন্ধ্যা ভ্ৰমনৰত এগৰাকী বিদুষী মহিলাক অভব্য আচৰণ কৰি ৰঙা ঘৰৰ আলহী হ'ব লগা হয় এটা লম্পট। লম্পটটোৰ নাম আবু খান (৪২) । ঘৰ গোগামুখত।

আব্দুল ৰছিদ খানৰ পুত্ৰ । ঘটনাৰ বিবৰণী মতে বৰদৈতিনি আলিৰ সমীপৰ মহবল গাঁওৰ মহিলা গৰাকীয়ে সতীৰ্থ সহ বৃহস্পতিবাৰে সান্ধ্য ভ্ৰমণ কৰি আছিল ঘিলামৰা-গোগামুখ ৰাজ্যিক ঘাইপথত। এনেতে আন্ধাৰৰ সুযোগ লৈ এইটো লম্পটে নিৰ্জু মহিলা গৰাকীৰ একান্ত ব্যক্তিগত অংশত হাত দি অশ্লীল আচৰণ কৰে । তাৰোপৰি হাতত থকা বেগ কাঢ়ি লৈ যোৱাৰ চেষ্টা চলায় ।

ভুক্তভোগী মহিলা গৰাকীৰ লগত অহা মহিলা এগৰাকীয়ে স্তম্ভিত হৈ আত্মৰক্ষাৰ বাবে চিঞৰি দিয়াত সমীপৰ ৰাইজ আহি নষ্ট চৰিত্ৰৰ যুৱকজনক আটক কৰি উত্তম মাধ্যম সোধাই ঘিলামৰা আৰক্ষীক অৱগত কৰে । ঘিলামৰা আৰক্ষীয়ে ক্ষীপ্ৰতাৰে গৈ লম্পটটোক উদ্ধাৰ কৰি থানালৈ আনে ।

আন্ধাৰৰ সুযোগ লৈ নিৰপৰাধী ভদ্ৰ মহিলাক অশ্লীল আচৰণ কৰাৰ লগতে প্ৰহাৰ কৰি ডকাইতি কৰাৰ চেষ্টা চলোৱা নিৰ্লজ যুৱকজন ৰাইজৰ প্ৰহাৰত গুৰুতৰ ভাৱে আহত হোৱাৰ পৰিপ্ৰেক্ষিতত ঘিলামৰা আৰক্ষীয়ে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা সেৱা প্রদানৰ পাছত আটক কৰিছে। এই নিৰ্লজ কাণ্ড সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে ঘিলামৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।

ইপিনে এগৰাকী ভদ্ৰ মহিলাৰ সন্মান আৰু শ্লীলতাহানি কৰা নিৰ্লজ ঘটনা সন্দৰ্ভত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক ঘিলামৰা থানাৰ কনিষ্টবল ধৰ্মেন্দ্ৰ পেগুৱে দুৰ্ব্যবহাৰ কৰি অভিযুক্তক সুৰক্ষিত কৰাৰ নিকৃষ্ট চেষ্টা চলোৱা পৰিলক্ষিত হ'ল । এগৰাকী নিৰপেক্ষ আৰক্ষী জোৱানৰ অভিযুক্তক ৰক্ষণাবেক্ষণ দি গ্ৰহণ কৰা এনে পক্ষপাতী আচৰণৰ বিৰুদ্ধে ন্যায়কামী ৰাইজ সোচ্চাৰ হৈ পৰিছে ।

কনিষ্টবলজনৰ এনে বিতৰ্কিত আৰু উন্নাসিক ভূমিকা সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ হস্তক্ষেপ দাবী জনাইছে ন্যায়কামী ৰাইজে । বাতৰি লেখা পৰলৈকে লম্পটতোক ঘিলামৰা থানত আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। স্থানীয় ৰাইজ আৰু সংগঠনে লম্পট যুৱকটোক দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে।