অসম

মহানগৰীত উদ্ধাৰ কিশোৰীৰ মৃতদেহ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহানগৰীৰ বশিষ্ঠত এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যু। শুকুৰবাৰে উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ। বশিষ্ঠৰ পাটৰকুছি কাৰ্বি পথত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে কিশোৰীগৰাকীৰ চলি আছিল মানসিক ৰোগৰ চিকিৎ‍সা। নিজ কোঠালিতে আজি ওলমি থকা অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ।

প্ৰথম অৱস্থাত কিশোৰীগৰাকীৰ মাতৃয়ে প্রত্যক্ষ কৰে মৃতদেহটো আৰু তাৰ পাছতে খবৰ দিয়ে আৰক্ষীক। ইতিমধ্যে ঘটনাস্থলীত বশিষ্ঠ আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।