অসম

নৃশংস! লক্ষ্মীপূজাৰ দিনাই ধাননিত বলাৎকাৰ কৰি যুৱতীক জ্বলাই হত্যা

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত গেন্দ্ৰাবিলৰ ধাননি পথাৰত আজি এগৰাকী ছাত্ৰীৰ অৰ্ধদগ্ধ মৃতদেহ হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যুৱতীগৰাকীক গেন্দ্ৰাবিল ঘোপ্ৰাপাৰা নিৱাসী খৰ্গেশ্বৰ নাথৰ কন্যা নন্দিনী নাথ (১৮) বুলি চিনাক্ত কৰা হৈছে।

পৰিয়ালৰ লোকে সদৰী কৰা মতে, কালি গেন্দ্ৰাবিলত অনুষ্ঠিত হোৱা লক্ষ্মীপূজাৰ মেলা চাবলৈ গৈ ছাত্ৰীগৰাকী সন্ধানহীন হৈছিল আৰু আজি সন্ধিয়া যুৱতীগৰাকীক হাতভৰি বন্ধা অৱস্থাত ধাননি পথাৰৰ পৰা অৰ্ধদগ্ধ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে৷ মেলাৰ পৰাই ছাত্ৰীগৰাকীক দুস্কৃতিকাৰীয়ে অপহৰণ কৰি নি প্ৰথমে ছাত্ৰীগৰাকীক বলাৎকাৰ কৰি পিছত যুৱতীগৰাকীৰ হাত-ভৰি বান্ধি জ্বলাই দিয়া বুলি স্থানীয় ৰাইজে সন্দেহ ব্যক্ত কৰিছে৷

উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ চৌপাশে হোৱাই-নোহোৱাই অনুষ্ঠিত হৈ থকা মেলাসমূহত অত্যাধিক জুৱাৰ প্ৰভাৱে সামাজিক পৰিৱেশ বিনষ্ট কৰি পেলাইছে আৰু এইক্ষেত্ৰত প্ৰশাসনে নীৰৱ ভূমিকা লৈ থকাৰ বাবে ছাত্ৰীহত্যাৰ দৰে বৰ্বৰ ঘটনা সংঘটিত হ'ল বুলি একাংশই মন্তব্য কৰিছে।

ইপিনে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক কৰায়ত্ব কৰাৰ বাবে উত্থাপন কৰিছে নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে। সংবাদমাধ্যমৰ সতে হোৱা এক বাৰ্তাত অৰবিন্দ নাথে প্ৰশাসনৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি য'তে-ততে হোৱাই-নোহোৱাই মেলা পতাৰ অনুমতি দি প্ৰশাসনেই সামাজিক পৰিৱেশ বিনষ্টকাৰীৰ ভূমিকাত অবতীৰ্ণ হৈছে বুলি গুৰুতৰ অভিযোগ কৰে।

মেলাসমূহত প্ৰচলন হৈ থকা জুৱা, মাদক দ্ৰব্যই দুস্কৃতিকাৰীক অনাকাক্ষিত কাৰ্য সংঘটিত কৰিবলৈ পাকে-প্ৰকাৰে উৎসাহিত কৰিছে বুলি মন্তব্য কৰে। দোষীক ৪৮ ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিব নোৱাৰিলে প্ৰশাসনৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব বুলি সদৰী কৰি অৰবিন্দ নাথে প্ৰশাসনৰ মূৰপোলোকা নীতি সহ্য কৰা নহ'ব বুলিও স্পষ্ট কৰি দিয়ে।