অসম

গোৱালপাৰা কাণ্ড : ৰঙিয়াত এবছুকে ধৰি জনজাতীয় সংগঠনৰ প্ৰতিবাদী সমদল

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়া : গোৱালপাৰা জিলাৰ দুধনৈৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে ৰঙিয়াত এবছুকে ধৰি জনজাতীয় সংগঠনে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদী সমদলত গোৱালপাৰা জিলাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰে জড়িত তথা অভিযুক্তসকলক শাস্তি দিয়াৰ দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে।

উক্ত সমদলত মূল অভিযুক্ত ৰহমান আলী,ধন আলী আৰু বাহাৰ আলীকে ধৰি আন দোষীসকলক ফাঁচি দিয়া, সমগ্ৰ ঘটনাক ফাষ্টট্ৰেক আদালতত বিচাৰ কৰা, দুষ্কৃতিকাৰীৰ আক্ৰমণত প্ৰাণ হেৰুৱা হিৰন্ময় খাখলাৰীৰ নিকটাত্মীয় পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ উপৰি ধৰ্ষিতালৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা আদি দাবীৰে বেনাৰ, পোষ্টাৰ, ফেষ্টুন লৈ এবছুৰ নেতৃবৃন্দই প্ৰতিবাদ সাব্যস্ত কৰে ।

সমদলত এবছু জিন্দাবাদ, জনজাতিৰ ওপৰত আক্ৰমণ নচলিব,ধৰ্ষণকাৰীক ফাঁচি দিয়ক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।‌ ইফালে এই প্ৰতিবাদী সমদলটো ৰঙিয়াৰ চহৰখনৰ হাইৱে চ'কৰ পৰা এম জি ৰোড হৈ ৰঙিয়া - ভূটান বাছষ্টেডত সামৰণি পৰে । এবছুৰ কামৰূপ জিলাৰ সভাপতি ৰত্নেশ্বৰ বড়ো, উপদেষ্টা পদমেশ্বৰ বড়ো, ৰঙিয়া এবছুৰ সম্পাদক ৰিতু বড়োকে ধৰি ট্ৰাইবেল সংঘ আৰু বড়ো সাহিত্য সভাৰ কেইবাগৰাকীও নেতৃবৃন্দই অংশ লয় ।