গোৱালপাৰা

কৃষ্ণাইত অসমীয়া প্ৰতিদিন কাকতৰ টোপোলা চুৰি

Asomiya Pratidin

ডিজিটেল সংবাদ, কৃষ্ণাইঃ মঙলবাৰে পুৱা গোৱালপাৰা জিলাৰ কৃষ্ণাইত অসমীয়া প্ৰতিদিন কাকতৰ টোপোলা চুৰিৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে,কৃষ্ণাই গান্ধীনগৰ পথত অৱস্থিত বিকি বুক চেণ্টাৰ নামৰ কাকত বিক্ৰেতা প্ৰতিষ্ঠানটোৰ চোতালৰ পৰা কোনো লোকে 'অসমীয়া প্ৰতিদিন' কাকতৰ টোপোলা চুৰি কৰে। ফলত কাকতখনৰ মঙলবাৰৰ সংখ্যাৰ পৰা বঞ্চিত হয় অঞ্চলটোৰ পঢ়ুৱৈ সমাজ।

চোৰে সংঘটিত কৰা এই ঘটনাকলৈ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে অসমীয়া প্ৰতিদিন কাকতৰ বঙাইগাঁও সংস্কৰণৰ কাকত যোগান ধৰা বাহনখনে মঙলবাৰে পুৱা ৫.০৫ বজাত বিকি বুক চেণ্টাৰ কাকত বিক্ৰেতা প্ৰতিষ্ঠানটোৰ বাৰান্দাত কাকতৰ টোপোলাটো দি থৈ উভতি যোৱাৰ পিচতে প্ৰতিষ্ঠানটোৰ বাৰান্দাৰ পৰা কাকতৰ‌ টোপোলাটো উধাও হয়।

জানিব পৰা মতে আনদিনৰ দৰে মঙলবাৰেও বিক্ৰেতা প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী শ্বহিদ ৰায়ে ৫.১৫ বজাত প্ৰতিষ্ঠানটোৰ বাৰান্দাত উপস্থিত হয়। কিন্তু আন কাকত, আলোচনীৰ মাজত অসমীয়া প্ৰতিদিন কাকতৰ টোপোলাটো বিচাৰি নোপাৱাত শ্বহিদ ৰায়ে প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ছহিবুল ৰছুলক কথাটো অৱগত কৰে। কৃষ্ণাই অঞ্চলত অসমীয়া প্ৰতিদিন কাকতৰেই সৰ্বাধিক পাঠকৰ সংখ্যা।

ইতিমধ্যে কাকত বিক্ৰেতা প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে ঘটনা সন্দৰ্ভত কৃষ্ণাই থানাত অৱগত কৰিছে আৰু প্ৰয়োজনত এজহাৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে। কৃষ্ণাইত অসমীয়া প্ৰতিদিন কাকতৰ টোপোলা চুৰি কাণ্ডকলৈ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।