গোৱালপাৰা

আব্দুৰ ৰছিদক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদেশ কংগ্ৰেছৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে।

গোৱালপাৰা জিলা কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলৰ পৰা পোৱা একাধিক অভিযোগৰ ভিত্তিতে বিধায়কগৰাকীলৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।

জাননীখনত বিধায়কগৰাকীক উক্ত অভিযোগ সন্দৰ্ভত সোমবাৰৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত উত্তৰ দিয়াত ব্যৰ্থ হ'লে দলীয় বিধি অনুযায়ী কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও উল্লেখ কৰা হৈছে।