গোৱালপাৰা

সাংবাদিকৰ বিৰুদ্ধে ভুৱা গোচৰ দাখিল কৰিলে ডি এফ অ'‌ই

Asomiya Pratidin

ডিজিটেল সংবাদ, গোৱালপাৰা: এগৰাকী অনা অসমীয়া বিষয়াই গোৱালপাৰাত একাংশ সাংবাদিকৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। বিষয়াগৰাকীৰ নাম হ'ল তেজশ মৰিস্বামী। তেওঁ গোৱালপাৰা জিলা বন সংমণ্ডল বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

তেজশ মৰিস্বামীয়ে গোৱালপাৰা চহৰৰ জ্যেষ্ঠ সাংবাদিক ক্ৰমে 'অসমীয়া প্ৰতিদিন' কাকতৰ চুলতান আহমেদ আৰু 'দৈনিক জনমভূমি, ই টি ভি'ৰ সাংবাদিক জাহিদুল ইছলামৰ বিৰুদ্ধে গোৱালপাৰা সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। গোৱালপাৰা সদৰ থানাত ইতিমধ্যেই ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৮৪ আৰু ৩৪ -ৰ অধীনত ১৫৫/২০২৩ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰা হৈছে। সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন অভিযোগেৰে সাংবাদিকদ্বয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ অন্তৰালত সাংবাদিকৰ কলম আৰু কেমেৰা বন্ধ কৰাৰ অপচেষ্টা লুকাই থকাটো প্ৰায় স্পষ্ট হৈ পৰিছে।

উল্লেখ্য যে তেজশ মৰিস্বামী গোৱালপাৰাৰ ডি এফ অ'‌ হিচাপে যোগদান কৰাৰ পিছৰে পৰাই কাৰ্যালয়টো কাৰ্যতঃ বালিচোৰ আৰু চোৰাং বেপাৰীৰ ঘাটিলৈ পৰ্যৱসিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ জে'লফেৰৎ আচামী তথা কুখ্যাত বালিচোৰ ছাহাবুল ইছলামৰ লগত মিতিৰালি কৰি জিলাখনৰ ৩খনকৈ নদী ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰো অভিযোগ উত্থাপিত হৈছে বিষয়া গৰাকীৰ বিৰুদ্ধে।

কৃষ্ণাই আৰু দুধনৈ নদীত নিষিদ্ধ মেচিন লগাই দিনে-নিশাই বালি উত্তোলন কৰি নদী দুখনৰ জৈৱ-বৈচিত্ৰৰ ওপৰত ধ্বংসযজ্ঞ চলোৱা হৈছে। তদুপৰি বালিচুৰিৰ গোচৰত জে'লৰ ভাত খাই বালিচোৰ নামেৰে ৰাইজৰ মাজত কুখ্যাত হৈ পৰা ছাহাবুল ইছলামে বন্ধ বালি মহলতো দিনে-নিশাই নিষিদ্ধ মেচিনেৰে বালি খনন কৰি আহিছে। ইয়াৰ সমান্তৰালকৈ বিনা চালানেৰে স্থলপথ আৰু জলপথেৰে শ শ ডাম্পাৰ আৰু নৌকাৰে বহি: জিলালৈ বালি প্ৰেৰণ কৰি আহিছে।বালিৰ এই চোৰাং কাৰবাৰৰ ফলত চৰকাৰে কোটি কোটি টকাৰ ৰাজহৰ পৰা বঞ্চিত হৈ আহিছে।

দিনে-নিশাই চলি থকা এই সমগ্ৰ নিষিদ্ধ আৰু চোৰাং কাৰবাৰ ডি এফ অ'‌ তেজশ মৰিস্বামীৰ ছত্ৰছায়াত সম্পন্ন হৈ থকাৰ অভিযোগ সৰ্বজনবিদিত। নদীৰ ওপৰত চলোৱা ধ্বংসলীলা আৰু বালিৰ চোৰাং কাৰবাৰ বিৰুদ্ধে একাংশ সাংবাদিকে ধাৰাবাহিকভাৱে তথ্য সম্বলিত বাতৰি প্ৰকাশ কৰি আহিছে। ইয়াৰ পিছতে সাংবাদিকৰ কলম বন্ধ কৰাৰ বাবে বালিচোৰ ছাহাবুল ইছলামে উক্ত সাংবাদিকদ্বয়ৰ বিৰুদ্ধে গোৱালপাৰা ন্যায়িক আদালতত গোচৰ তৰে। গোচৰৰ ভয়ত শিৰণত নকৰি বালিৰ চোৰাং কাৰবাৰ আৰু নদী ধ্বংসৰ তাণ্ডৱলীলাৰ বিৰুদ্ধে সাংবাদিকদ্বয়ে বাতৰি পৰিৱেশন কৰি আহিছে।

বনজ সম্পদত চহকী জিলাখনত ব্যাপক হাৰত লুণ্ঠন চলোৱাৰ পিচতো বন বিভাগ নীৰৱ হৈ আছে। অসমৰ বায়ু-পানীৰে সম্পৰ্ক নথকা বিষয়াই ধনৰ লালসাত বনজ সম্পদ লুণ্ঠন কিম্বা নদী ধ্বংসযজ্ঞ দেখিও নেদেখাৰ ভাও জুৰাটো এক পৰম্পৰাত পৰিণত হোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া। অৱশ্যে ইয়াৰ মাজতো এপাচি শাকত এটা জলকীয়া সদৃশ একাংশ সৎ বিষয়াও নিশ্চয় আছে।

উল্লেখ্য যে বনজ সম্পদ লুণ্ঠনৰ শেহতীয়া এক বাতৰিয়ে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এইবাৰ পঞ্চৰত্নত ব্ৰহ্মপুত্ৰ নদীত নিষিদ্ধ মেচিন লগাই দলং নিৰ্মাণত জড়িত 'এছ পি সিংলা কনট্ৰাকচন প্ৰাইভেট কোম্পানী'টোৱে অবৈধভাৱে বালি উত্তোলন কৰাৰ এক বিস্তৃত বাতৰি প্ৰকাশ পায়। আজিলৈকে এই অবৈধ কাৰবাৰৰ বিৰুদ্ধে বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ বিপৰীতে এই বাতৰি প্ৰকাশৰ পিচতেই সান্দহ খোৱা বালি তল পৰাৰ ভয়ত ডি এফ অ'‌ তেজশ মৰিস্বামীয়ে সাংবাদিকৰ বিৰুদ্ধে ভূৱা আৰু ভিত্তিহীন অভিযোগেৰে সাংবাদিকদ্বয়ৰ ওপৰত এজাহাৰ দাখিল কৰাত সচেতন মহলৰ চকু কপালত উঠিছে।

উল্লেখযোগ্য যে ডি এফ অ'‌ তেজশ মৰিস্বামীৰ লুণ্ঠনৰাজৰ কাহিনী বহু পুৰণি। গোৱালপাৰাত যোগদান কৰাৰ পূৰ্বে তেওঁ বৰাক উপত্যকাত ব্যাপক হাৰত লুণ্ঠন চলোৱাৰ বাতৰি প্ৰকাশ হৈছিল। এনে এক দুৰ্নীতিগ্ৰস্থ বিষয়াৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে গোৱালপাৰাত বদলি কৰাত সম্প্ৰতি অনা অসমীয়া বিষয়াগৰাকীয়ে উভতগোৰে নাচিছে। লুণ্ঠনৰ মাত্ৰা বৰাকতকৈ গোৱালপাৰাত তীব্ৰতৰ কৰি তুলিছে।

ইপিনে ডি এফ অ'ৰ এজাহাৰ সংক্ৰান্তত জ্যেষ্ঠ সাংবাদিক চুলতান আহমেদ আৰু জাহিদুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়--"আমাৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে ভূৱা আৰু ভিত্তিহীন গোচৰ দাখিল কৰা হৈছে।ডি এফ অ'ই উত্থাপন কৰা অভিযোগৰ তিল পৰিমানেও যদি তথ্য আৰু সত্যতাৰ প্ৰমাণ দিব পাৰে তেন্তে সাংবাদিকতাৰ লগতে সামাজিক জীৱনো ত্যাগ কৰিবলৈ সাজু আছোঁ। এনে ভূৱা গোচৰে আমাক বিচলিত কৰিব নোৱাৰে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য নিৰ্ভীক আৰু নিৰপেক্ষভাৱে পালন কৰি যাম। গোচৰৰ ভয় দেখুৱাই যদি কোনোবাই আমাৰ কলম আৰু কেমেৰা বন্ধ কৰিব পাৰিব বুলি ভাৱিছে তেনেহ'লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰি আছে"।

উল্লেখ্য যে, সাংবাদিকৰ বাক স্বাধীনতা সৰ্ব কৰাৰ বাবে এগৰাকী ডি এফ অ'ই এনেদৰে ভূৱা আৰু ভিত্তিহীন গোচৰ তৰা বিষয়টোক সাংবাদিক মহলে মুঠেই সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। বালিচোৰ আৰু চোৰাং কাঠৰ বেপাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ লগত মিতিৰালি কৰি সাংবাদিকৰ বিৰুদ্ধে গোচৰ দাখিল কৰা দুৰ্নীতি পৰায়ন ডি এফ অ'‌ তেজশ মৰিস্বামীৰ বিৰুদ্ধে ড০ হিমন্ত বিশ্ব শৰ্মা‌ৰ চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন মহলে দাবী জনাইছে।