দৰংগিৰি কলৰ বজাৰ উন্নয়নৰ বাবে ১৫ কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন... 
গোৱালপাৰা

দৰংগিৰি কলৰ বজাৰ উন্নয়নৰ বাবে ১৫ কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ দুধনৈ: এচিয়াৰ সৰ্ব বৃহৎ কলৰ বজাৰ ৰূপে খ্যাত গোৱালপাৰা জিলাৰ দৰংগিৰিৰ কলৰ বজাৰখন উন্নয়নৰ বাবে আজি প্ৰায় পোন্ধৰ কোটি টকা ব্যয় সাপেক্ষ "দৰংগিৰি কলৰ বজাৰ উন্নয়ন প্ৰকল্প"ৰ ভাৰ্চুৱেলি শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই।

উত্তৰ পূৱ পৰিষদৰ অৰ্থ সাহায্য আৰু অসম কৃষি-সামগ্ৰী বিপনন পৰিষদৰ দ্বাৰা ৰূপায়ণ কৰিবলগীয়া দৰংগিৰি কলৰ বজাৰ উন্নয়ন প্ৰকল্প মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য মেলাৰ পৰা ভাৰ্চুৱেলি শিলান্যাস কৰে।

উল্লেখ্য যে, প্ৰকল্পটোত কলৰ লগতে কমলা,আনাৰস আৰু আদাৰ নিলাম গৃহ, কল জমা কৰি ৰখাৰ সুবিধা, প্ৰশাসনিক ভৱন, নিলাম কেন্দ্ৰ,কেণ্টিন, জিৰণি কোঠা,সভা গৃহকে আদি কৰি বিভিন্ন সা-সুবিধা থাকিব ।