গোৱালপাৰা

ধূপধৰাৰ কোঠাকুঠিত ১৬ ফেব্ৰুৱাৰীৰ পৰা দুলাৰায় বড়ো বাৰদলৰ ১১৪ সংখ্যক বাৰ্ষিক অধিৱেশন

Asomiya Pratidin

ডিজিটেল সংবাদ,ধূপধৰাঃ গোৱালপাৰা জিলা দুলাৰায় বড়ো বাৰদলৰ ১১৪ সংখ্যক বাৰ্ষিক অধিৱেশন লগতে কৃষ্টি, আইজো আৰু ধৰ্মালোচনা সভা অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা ১৯ফেব্ৰুৱাৰী লৈ কোঠাকুঠিত অনুষ্ঠিত হ'ব ৷ কোঠাকুঠি বড়ো মেড আফাদৰ উদ্যোগত কোঠাকুঠিৰ কুৰ্হিয়ামাৰীৰ বাথৌ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে ৷

এই অধিৱেশন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ইতিমধ্যে পবিত্ৰ দৈমাৰীক সভাপতি আৰু চন্দন খাখলাৰীক সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে ৷ অধিৱেশনৰ কাৰ্যসূচী অনুসৰি ১৬ ফেব্ৰুৱাৰীৰ প্ৰথমদিনা ২-০০ বজাত গোৱালপাৰা জিলা দুলাৰায় বড়ো বাৰদলৰ বিষয় বাচনি সভা অনুষ্ঠিত হ'ব ৷

নিশা ৮-০০ বজাত প্ৰথমখন প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ উপৰি নিশা সাংস্কৃতিক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব ৷ ১৭ ফেব্ৰুৱাৰীৰ পুৱা ৮-০০বজাত পতাকা উত্তোলন কৰিব গোৱালপাৰা জিলা দুলাৰায় বড়ো বাৰদলৰ সভাপতি অনন্ত কুমাৰ বড়োই ৷ একে সময়তে ১৮খন মেদৰ পতাকাও উত্তোলন কৰা হ'ব ৷

ইয়াৰ পিচতে গোৱালপাৰা জিলা দুলাৰায় বড়ো বাৰদলৰ ধৰ্ম বিভাগৰ সভাপতি দশৰথ পাটগিৰীৰ পৰিচালনাত বাথৌ পূজা অনুষ্ঠিত হ'ব ৷ পূজাত অংশ ল'ব আনন্দ দৈমাৰী আৰু মুনীন বড়োই ৷

আনহাতে পূজাৰ সময়ত নাম পৰিৱেশন কৰিব মাউৰীয়াপাৰা বাথৌ নামদলে ৷ ইফালে পুৱা ৯-০০ বজাত বড়ো আন্দোলনৰ ছহিদ বেদীত শ্ৰদ্ধাঞ্জলি আগবঢ়াব গোৱালপাৰা জিলা বড়ো বাৰদলৰ উপ সভাপতি অৰবিন্দ বসুমতাৰীয়ে ৷

দিনৰ ১-০০বজাত অনুষ্ঠিত হ'বলগীয়া কৃষ্টি সভাত সভাপতিত্ব কৰিব গোৱালপাৰা জিলা বড়ো বাৰদলৰ কৃষ্টি শাখাৰ সভাপতি অজয় কুমাৰ বড়োয়ে ৷ এই সভা উদ্বোধন কৰিব বাৰদলৰ কৃষ্টি শাখাৰ প্ৰাক্তন সম্পাদক নামজ্জন স্বৰ্গীয়াৰীয়ে ৷

এই সভাতে 'ৰৈচুমৈ চিফুং' নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব লক্ষীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দেবানন বড়োই ৷ সন্ধিয়া ৭-০০ বজাত দ্বিতীয়খন প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব ৷ সন্ধিয়া ৮-০০ বজাত ছহিদ দত্তৰাম বসুমতাৰীৰ স্মৃতিত বিভিন্ন দলৰ মাজত অনুষ্ঠিত হ'বলগীয়া কৃষ্টি প্ৰতিযোগিতা উদ্বোধন কৰিব সমৰ বসুমতাৰীয়ে ৷

১৮ ফেব্ৰুৱাৰীৰ দিনা পুৱা ৯-০০ বজাত আইজো (মহিলা) আৰু ধৰ্ম বিভাগৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব ৷ ইফালে দিনৰ ১-০০ বজাত দুলাৰায় বড়ো বাৰদলৰ মুকলি সভা অনুষ্ঠিত হ'ব ৷ অনন্ত কুমাৰ বড়োই সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভা উদ্বোধন কৰিব গোৱিলপাৰা জিলা দুলাৰায় বড়ো বাৰদলৰ প্ৰাক্তন সভাপতি মানিক হাজোৱাৰীয়ে ৷

মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ৷ আনহাতে মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব গোৱালপাৰা জিলা বড়ো সাহিত্য সভাৰ সভাপতি জয়ন্ত কুমাৰ পাটগিৰী, গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতি সন্তোষ হাজোৱাৰী আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী ৷

ইফালে নিশা ৮-০০ বজাত সাংস্কৃতিক সন্ধিয়া উন্মোচন কৰিব বিশিষ্ট কণ্ঠশিল্পী লাচিত জাইখ্লং ৷ সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী নীতামণি বড়ো, লাচিত জাইখ্লং, কৰবী কছাৰী, নিখিতা খাখলাৰী আৰু দীপাংকৰ বসুমতাৰীয়ে গীত পৰিৱেশন কৰিব ৷

১৯ ফেব্ৰুৱাৰী তথা অন্তিমদিনা পুৱা ৭-৩০ বজাত অভ্যৰ্থনা সমিতিৰ সভাপতি পবিত্ৰ দৈমাৰীয়ে শলাগৰ শৰাই অনুষ্ঠানৰ আঁত ধৰাৰ পিচতে এই অধিৱেশনৰ সামৰণি পৰিব বুলি জানিবলৈ দিয়ে ৷