গোৱালপাৰা

দোকানলৈ যোৱা এজনক চোৰৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা, আটক ৭ জন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গোৱালপাৰাৰ শ’লমাৰীত ম’ৰেল পুলিচিঙৰ ঘটনাৰে জড়িত ৭জনক আটক আৰক্ষীৰ। আগিয়া আৰক্ষীয়ে আটক কৰে ৭জন লোকক।

সোমবাৰে চোৰৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা কৰিছিল এজনকলোকক।অভিযোগ অনুসৰি চোৰৰ সন্দেহত হত্যা কৰিছিল ছেংছাং মাৰাক নামৰ লোকজনৰ।

আটক হোৱা ধৃতকেইজন পুতুল দাস, প্রকাশ ৰাভা, ৰামপ্রসাদ দাস, ৰূপজ্যোতি ৰাভা, উপজিৎ ৰাভা, স্বপন ৰাভা আৰু ৰাতুল বিশ্বাস।

ছেংছাং মাৰাকৰ পত্নীৰ ভাষ্য অনুসৰি সোমবাৰে নিশা দোকানলৈ সামগ্ৰী আনিবলৈ গৈছিল তেওঁৰ স্বামী। কিন্তু তাৰপাছতে পাছদিনা পুৱা মঙলবাৰে উদ্ধাৰ হৈছিল ছেংছাঙৰ মৃতদেহ। একাংশলোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল উমাকান্তক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।