'সপোনৰ সদাগৰৰ সন্ধানত' উপন্যাসখৰ বাবে গুৰমাইল সিঙলৈ সাহিত্য বঁটা... 
গোৱালপাৰা

'সপোনৰ সদাগৰৰ সন্ধানত' উপন্যাসৰ বাবে গুৰমাইল সিঙলৈ সাহিত্য বঁটা...

Asomiya Pratidin

ডিজিটেল সংবাদ বেবেজীয়াঃ সাহিত্য চর্চা কেন্দ্র, অসমে গোৱালপাৰা জিলাৰ পটভূমি অথবা জিলাখনৰ কোনো ব্যক্তি বিশেষৰ জীৱন-কর্ম আধাৰিত সাহিত্য কর্মৰ বাবে প্রতি বছৰে একোগৰাকী লেখকক সাহিত্য বঁটা প্ৰদান কৰি আহিছে। অনুষ্ঠানটোৱে ২০২৩ বৰ্ষৰ সাহিত্য বঁটা 'সপোনৰ সদাগৰৰ সন্ধানত' উপন্যাসখনৰ বাবে গুৰমাইল সিঙলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

চৰকাৰী চাকৰি সূত্ৰে গুৰমাইল সিঙে আজি কিছু বছৰ আগতে মাত্ৰ কেইমাহমানৰ বাবে গোৱালপাৰা চহৰত কটাইছিল। সেই কেইটামান মাহতে তেওঁ গোটেই চহৰখনৰ লগতে তাৰ আশে পাশে থকা স্থানক লৈ এখন মনোৰম উপন্যাস লিখি উলিয়াইছে। গোৱালপাৰাক বিষয় হিচাবে লৈ লিখি উলিওৱা গুৰমাইল সিঙৰ ' সপোনৰ সদাগৰৰ সন্ধানত 'গ্ৰন্থখনৰ বাবে তেখেতক সাহিত্য চর্চা কেন্দ্র, অসমে অহা ২০ অক্টোবৰৰ দিনা আজাৰাত অনুষ্ঠিত হ'বলগীয়া শৰতৰ দুপৰীয়া' অনুষ্ঠানত আনুষ্ঠানিকভাবে সাহিত্য বঁটা-২০১৩' প্রদান কৰিব।

ইয়াৰ পূৰ্বে এই বঁটা লাভ কৰিছিল শুক্রাচার্য ৰাভাই 'যাত্ৰা আৰু মাত্ৰা'ৰ বাবে, নীলোৎপল বৰুৱাই 'বর্গী' উপন্যাসখনৰ বাবে, গোবিন্দ কুমাৰ খাউণ্ডে 'ৰূপৰ খাপৰ তৰোৱাল' উপন্যাসখনৰ বাবে। সাহিত্য চর্চা কেন্দ্র, অসমৰ যুটীয়া সম্পাদক ড০ পৰিতোষ চক্রবর্তী আৰু ড০ ভৱেশ দাসে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা সংবাদ মাধ্যমক জনাইছে।