গোৱালপাৰা

গধাৰবৰিত বন্যহস্তীৰ আক্রমণত নিহত এজন

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্যত অৱ্যাহত আছে হাতী-মানুহৰ সংঘাত। অসমৰ বিভিন্ন প্ৰান্তত দ্ৰুতগতিত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। ইতিমধ্যে ইয়াৰ ফলত ভালেসংখ্যক লোক হতাহত হৈছে।

বিনষ্ট হৈছে শস্য পথাৰ। বনাঞ্চলৰ অভাৱ, খাদ্য সংকট, জীৱকূলৰ প্ৰতি অহা ভাবুকি ইত্যাদি নানা কাৰণৰ বাবে বনাঞ্চল এৰি জনাঞ্চল লৈ ধাৱমান হৈছে শ শ হাতীৰ জাক। এনে সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰাতো কিছুদিন ধৰি অৱ্যাহত আছে হাতী-মানুহৰ সংঘাত।

জিলাখনৰ অন্তৰ্গত গধাৰবৰিত বন্যহস্তীৰ আক্রমণত এজন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। নিহত লোকজনৰ নাম বাবলু চাংমা। শুকুৰবাৰে পুৱা বজাৰলৈ আহি থকা অৱস্থাত বনৰীয়া হাতীয়ে আক্রমণ কৰে।

উল্লেখযোগ্য যে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ, দিহজাৰী, বালিতাৰা, সন্ধা, খাটকটৰা তথা তামুলপুৰ আদিতো বনৰীয়া হাতীৰ জাকে উপদ্ৰপ চলাই আহিছে। ইতিমধ্যে বন বিভাগে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও অদ্যপি সুফল লাভ কৰা নাই।