গোৱালপাৰা

নাট্যকাৰ-লোক সংস্কৃতিৰ সাধক প্ৰকাশ চন্দ্ৰ ৰাভাক সাহিত্যিক বঁটা প্ৰদান...

Asomiya Pratidin

ডিজিটেল সংবাদ কৃষ্ণাই: গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানস্থিত ছেইণ্ট যোছেফ বিদ্যালয়ৰ বাৰ্ষিক দিৱসত নাট্যকাৰ-লোক সংস্কৃতিৰ সাধক, লেখক, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাহিত্যিক পেঞ্চনাৰ প্ৰকাশ চন্দ্ৰ ৰাভাক আজি আনুষ্ঠানিকভাৱে সাহিত্যিক বঁটা প্ৰদান কৰা হয়। বিদ্যালয়খনৰ বাৰ্ষিক দিৱসৰ সৈতে সংগতি ৰাখি আবেলি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে গোৱালপাৰা জিলাৰ অতিৰিক্ত আয়ুক্ত কংকনা কল্যাণীয়ে।

উল্লেখ্য যে, বিদ্যালয়খনে জিলাখনত বিভিন্ন ক্ষেত্ৰত বিশেষভাৱে অৱদান আগবঢ়াই অহা এগৰাকী ব্যক্তিক প্ৰতিবছৰে বঁটা প্ৰদান কৰি আহিছে। এইবেলি প্ৰকাশ ৰাভাক সাহিত্যিক বঁটা প্ৰদানৰ বাবে নিৰ্বাচিত কৰে।

এই বঁটাত আছে এখন গামোচা, অংগবস্ত্ৰ, জাপি, প্ৰশস্তিপত্ৰ, এটা স্মাৰক আৰু নগদ ২৫ হেজাৰ টকা।ছেইণ্ট যোছেফ বিদ্যালয়ৰ অধ্যক্ষ ছেণ্টো চি টিয়ে আদৰণি ভাষণ দিয়া অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্য বনোজ ৰায়ে।

বঁটা গ্ৰহণ কৰি সাহিত্যিক পেঞ্চনাৰ প্ৰকাশ চন্দ্ৰ ৰাভাই কয়- সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়াই সাহিত্য। তেওঁ সাহিত্যৰ ক্ষেত্ৰত কিবা বিশেষ অৰিহণা যোগোৱা বুলি মনে নধৰি বুলি উল্লেখ কৰি কয়-মই মাত্ৰ মনৰ বেদনা-কল্পনাক কলমেৰে কাগজত ৰূপ দিবলৈ চেষ্টা কৰিছো।বুলবুলি-শালিকা চৰাইৰ জাকবোৰ যেন আমাৰ মাজৰ পৰা হেৰাই নাযায় তাৰ বাবেও কেইবাখনো শিশু গ্ৰন্থ ৰচনা কৰিছো। সমাজৰ পৰা অন্ধবিশ্বাস, গ্ৰাম্য বাট-পথৰ জৰাজীৰ্ণ অৱস্থাই যোগাযোগৰ ক্ষেত্ৰত দি অহা যাতনাক গল্প আৰু নাটকৰে বাস্তৱ ছবিখন দাঙি ধৰিবলৈ চেষ্টা কৰি আহিছো বুলি তেঁও কয়।

সভাৰ আৰম্ভণিতে মঞ্চত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়খনৰ পৰিচালনাৰ দায়িত্বত থকা বিষু আলীয়ে।পুৱা আন্ত: বিদ্যালয়ৰ চিনেমাৰ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত স্থান পোৱা তিনিখন বিদ্যালয়ক নগদ টকাসহ একোটা স্মাৰকৰে পুৰষ্কিত কৰা হয়।

ইয়াৰে প্ৰথম স্থান দখল কৰা কৃষ্ণাই শংকৰদেৱ শিশু-বিদ্যা নিকেতনক নগদ ১৫ হাজাৰ টকাসহ এটা ট্ৰফী প্ৰদান কৰা হয়।দ্বিতীয় স্থান দখল কৰা দুধনৈৰ ছেইণ্ট থমাছ বিদ্যালয়ক দহ হাজাৰ টকা আৰু তৃতীয় স্থান দখল কৰা টিলাপাৰাৰ ছেইণ্ট আলফনছা বিদ্যালয়ক পাচঁ হাজাৰ নগদ টকাসহ একোটাকৈ ট্ৰফী প্ৰদান কৰা হয়।