গোৱালপাৰা

গোৱালপাৰাত ভয়ংকৰ দুৰ্ঘটনাঃ নিহত হেণ্ডিমেন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গোৱালপাৰাৰ শলমাৰিৰ কল্যানপুৰত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিশা সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা। তেল ডিপুৰ পৰা তেল ভৰাই ঘৰলৈ গৈ থকা অৱস্থাত যাত্ৰীবাহী বাছে পিছফালৰ পৰা এখন ডাম্পাৰত খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত বাছখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেন গুৰত্বৰ বাবে আহত হয়। ঘটনাস্থলীত আগীয়া আৰক্ষী উপস্থিত হৈ আহতকেইজনক গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসালয়তে মৃত্যু হয় বাছখনৰ হেণ্ডিমেন মিঠুন দাসৰ। মৃত হেণ্ডিমেনজনৰ ঘৰ শলমাৰিৰ কল্যাণপুৰত। সংকটজনক অৱস্থাত বাছখনৰ চালক ডিম্বেশ্বৰ ৰায়ক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।