অসম

নুমলীগড় শোধনাগাৰাঞ্চলত গোৱালপৰীয়া লোকগীতৰ এসন্ধ্যা উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় শোধানাগাৰাঞ্চলত এটি ব্যতিক্ৰমী সন্ধিয়া উদযাপন কৰা হয়। গোৱালপৰীয়া লোকগীতৰ মাজেৰে জীপাল হৈ পৰিল নুমলীগড় অঞ্চল।

প্ৰখ্যাত শিল্পী মিনা ভট্টাচাৰ্যৰ কণ্ঠৰ যাদুৱে সন্মোহিত কৰিলে উপস্থিত সকলোকে। নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ সাৰ্বজনীন কেন্দ্ৰৰ সৌজন্যত গোৱালপৰীয়া লোকগীতৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ উদ্দেশ্যেৰে আয়োজন কৰা গোৱালপৰীয়া লোকগীতৰ এসন্ধ্যা অনুষ্ঠানত শিল্পী মিনি ভট্টাচাৰ্যই এটাৰ পিছত আন এটাকৈ গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰি ৰাইজৰ মন জয় কৰে।

শিল্পীগৰাকীৰ আশাসুধীয়া প্ৰচেষ্টাৰ এক আন্তৰিক উদযাপন গোৱালপৰীয়া লোকগীতৰ এসন্ধ্যা উপভোগ কৰি উপস্থিত সমূহ দৰ্শক-শ্ৰোতা আপ্লুত হয়। শিল্পীগৰাকীয়ে হিন্দী ভাষাতো গোৱালপৰীয়া গীত পৰিৱেশন কৰে। এই সন্দৰ্ভত তেওঁ কয় যে, অসমৰ লগতে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ ৰাইজেও গোৱালপৰীয়া লোকগীতে সমাদৰ লাভ কৰিছে। এইদৰে কাম কৰি গ'লে নিশ্চিতভাৱেই সুদূৰপ্ৰসাৰী ফল পোৱা যাব বুলিও শিল্পীগৰাকীয়ে উল্লেখ কৰে।

ইপিনে, প্ৰথমবাৰলৈ নুমলীগড়ত হিন্দীত গোৱালপৰীয়া গীত পৰিৱেশন কৰি ৰোমাঞ্চিত হৈ পৰে শিল্পীগৰাকী। ৰূপৰেখা গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত এন আৰ এলৰ মুখ্য আৱসিক কাৰ্যবাহী হেমন্ত কুমাৰ নাথ আৰু মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক ড০ কাজল শইকীয়াই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান উদ্বোধন কৰে।