অসম

আন্তঃৰাষ্ট্ৰীয় চিত্ৰশিল্পীৰ দ্বাৰা সম্বৰ্ধিত প্ৰতিদিন টাইমৰ গহপুৰৰ সাংবাদিক...

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ: অসমৰ বিশিষ্ট চিত্ৰ-ভাস্কৰ্যশিল্পীসকলৰ সমন্বয়ৰ এক মঞ্চ 'বাটৰ কেনভাচ, অসম'ৰ দ্বাৰা ৰাজহুৱা ভাৱে সম্বৰ্ধিত হ'ল প্ৰতিদিন টাইমৰ গহপুৰৰ সাংবাদিক। শ্বহীদ কনকলতা-মুকুন্দ কাকতি স্মৃতি উদ্যানত অনুষ্ঠিত হোৱা 'বাটৰ কেনভাচ, অসম'ৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত সংগঠনটোৰ বাবে আগবঢ়োৱা সহযোগিতাৰ স্বীকৃতি স্বৰূপে ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনোৱা হয় যুৱ সাংবাদিক তথা প্ৰতিদিন টাইমৰ সাংবাদিক ৰমেন বৰাক।

সাংবাদিক গৰাকীক সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা আদিৰে সম্বৰ্ধনা জনায় আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চিত্ৰশিল্পীদ্বয় ক্ৰমে ননী বৰপূজাৰী আৰু পৰেশ ভূঞাই। উল্লেখ্য যে কভিডৰ প্ৰথমটো সংহাৰৰ সময়তে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চিত্ৰশিল্পী ননী বৰপূজাৰী, সমীৰণ বৰুৱা, নিখিলেশ্বৰ দাস, চম্পক বৰবৰা, পৰেশ ভূঞাৰ জৰিয়তে চিত্ৰশিল্পী সকলৰ কভিড কালীন সমস্যাৰ সংবাদ মাধ্যমৰ জৰিয়তে সৱল ৰূপত উপস্থাপন কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰাবলৈ সক্ষম হৈছিল গহপুৰৰ জনপ্ৰিয় সাংবাদিক ৰমেন বৰাই।

ইয়াৰ উপৰিও 'বাটৰ কেনভাচ, অসম'ৰ বিভিন্ন অনুষ্ঠানৰ বাতৰি পৰিৱেশনেৰে সংগঠনটোক সহযোগিতা আগবঢ়াই আহিছিল ৰমেন বৰাই। সংবাদ পৰিৱেশনেৰে ৰমেন বৰাই আগবঢ়োৱা সহযোগিতাৰ কৃতজ্ঞতা স্বৰূপে 'বাটৰ কেনভাচ, অসম'ৰ হৈ বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰী আৰু পৰেশ ভূঞাই নিজ হাতেৰে সম্বৰ্ধনা জ্ঞাপন কৰে গহপুৰ ককিলা চাৰিআলিৰ নিৱাসী তথা স্থানীয় সংবাদদাতা ৰমেন বৰাক।