দেওৰেক আৰু বৌয়েকৰ পৰকীয়া প্ৰেমৰ ভয়াবহ পৰিণতিঃ ৰাসৰ মাজতে শংচূড়ৰ ভাওক কেন্দ্ৰ কৰি পিতা-পুত্ৰক নৃশংস হত্যা... 
অসম

দেওৰেক আৰু বৌয়েকৰ পৰকীয়া প্ৰেমৰ ভয়াবহ পৰিণতিঃ ৰাসৰ মাজতে শংচূড়ৰ ভাওক কেন্দ্ৰ কৰি পিতা-পুত্ৰক নৃশংস হত্যা...

Asomiya Pratidin

ডিজিটেল সংবাদ ছয়দুৱাৰ: প্ৰেমিকৰূপী নবৌয়েকক শংখচূড়ৰ ভাও ল'বলৈ বাধা দিয়াৰ এক কথোপকথনৰ মাজত সোমোৱাৰ ফলতে দেওৰেক অকণ বৰদলৈৰ নেতৃত্বত ডেগাৰেৰে চলা এক ভয়াবহ আক্ৰমণত নিমিষতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল নিৰ্দোষী পিতা-পুত্ৰ। পিতা-পুত্ৰক ডেগাৰেৰে হানি-খুচি অতি নৃশংসভাৱে হত্যা কৰি আসুৰিক তৃপ্তি লোৱা এই ঘটনাটোৰ ফলত তেজেৰে ৰাঙলী হৈ পৰে গহপুৰ আৰক্ষী থানাৰ অধীনস্থ হাৱাজান আৰক্ষী চকীৰ এলেকাধীন পূৱ কলাবাৰীৰ দেউৰীচুকৰ শ্ৰীকৃষ্ণৰ ৰাসথলী।

এই নৃশংস আৰু দানৱীয় ঘটনা সম্পৰ্কত স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে- সোমবাৰে নিশা দেউৰীচুক গাঁৱত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ ৰাসলীলাত শংখচূড়ৰ ভাও দিবলৈ সাজু হৈছিল উক্ত গাঁৱৰ মুনু বৰদলৈ নামৰ মহিলাগৰাকী। ৰাসত মুনু বৰদলৈয়ে ভাও দিয়াক লৈ আগৰে পৰা অসন্তুষ্ট হৈ আছিল দেওৰেক অকন বৰদলৈ।

স্থানীয় ৰাইজ আৰু নিহত হিতেশ্বৰ শইকীয়াৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দি কয় যে, মুনু বৰদলৈ আৰু দেওৰেক অকন বৰদলৈৰ মাজত পৰকীয়া প্ৰেম থকাৰ বাবে মুনুৱে শংখচূড় ভাও দিয়াক লৈ খঙত টিঙিৰিতুলা হৈ আছিল অকন বৰদলৈ।

সোমবাৰে নিশা উক্ত ৰাসত শংখচূড়ৰ ভাও দিবলৈ মুনু বৰদলৈয়ে যাবতীয় প্ৰস্তুতি চলোৱাৰ সময়ত ৰাসথলীত তেওঁৰ সৈতে তৰ্ক কৰি আছিল দেওৰেক অকণ বৰদলৈয়ে।মুনু বৰদলৈয়ে অকণৰ কথা নুশুনি শংখচূড়ৰ ভাও লোৱাৰ বাবে দুয়োৰে মাজত হয় কথাৰ কটা কটি ।

তেতিয়া সময় যোৱা নিশা প্ৰায় ৯-৩০ বাজিছিল। অকনে মুনুক শংখচূড়ৰ ভাও ল'বলৈ মানা কৰি তৰ্ক কৰি থকাৰ মাজত আত্মপ্ৰকাশ ঘটে স্থানীয় শ্যামন্ত শইকীয়া (২৫) নামৰ যুৱকজনৰ। তেওঁ অকণক কয়, মুনুৰ স্বামীয়ে যিহেতু শংখচূড়ৰ ভাও লবলৈ অনুমতি দিছে আপুনিনো কিয় অযথা মানা কৰিব লাগে।

শ্যামন্তই যুক্তিসহকাৰে কোৱা উক্ত কথাত খঙত অগ্নিশৰ্মা হৈ অকণ বৰদলৈয়ে তেওঁক ডেগাৰেৰে আক্ৰমণ কৰি হানি খুছি ঘটনাস্থলীতে হত্যা কৰে। পুত্ৰক এনেদৰে আক্ৰমণ কৰাৰ খবৰ পোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হোৱা শ্যামন্তৰ পিতৃ হিতেশ্বৰ বৰদলৈকো(৪৭) ডেগাৰেৰে হানি খুছি আক্ৰমণ কৰি পেটৰ নাৰী ভূৰ উলিয়াই পেলাই অকণ বৰদলৈয়ে।

ফলত ৰক্তক্ষৰণ হৈ অচেতন হৈ ঢলি পৰে হিতেশ্বৰ শইকীয়া। উপস্থিত ৰাইজে লগে লগে তেওঁক চিকিৎসাৰ বাবে গহপুৰলৈ নি থকাৰ সময়ত আদবাটতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। পিতা-পুত্ৰৰ ওপৰত অকণ বৰদলৈৰ নেতৃত্বত ৫ জনীয়া এটা দলে আক্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে।

গহপুৰ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত নৰপিশাচৰূপী অকণ বৰদলৈৰ লগতে মদন বৰদলৈ আৰু কৃষ্ণ বৰদলৈক গ্ৰেপ্তাৰ কৰিছে। উক্ত তিনিওগৰাকী একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে।

নিহত শ্যামন্ত শইকীয়াই এমা ডিমা এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ লগতে পত্নী,মাতৃ আৰু ভাতৃক ইহ সংসাৰত এৰি থৈ গৈছে। গহপুৰ আৰক্ষীয়ে দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে উক্ত দেউৰীচুক গাঁৱত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰি পৰিস্থিতি শান্ত কৰি ৰখাৰ প্ৰয়াস কৰিছে।

উক্ত হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিগৰাকী অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ স্থানীয় ৰাইজে গহপুৰ আৰক্ষীৰ ওচৰত দাবী জনাইছে। পলাতক এগৰাকী হত্যাকাৰীৰ নাম জিতু বৰদলৈ বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

হাৱাজান আৰক্ষী চকীৰ পৰা মাত্ৰ প্ৰায় ৫০০ মিটাৰ দুৰত্বত সংঘটিত ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে পিতা-পুত্ৰৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ গহপুৰ মহকুমাত।