গাহৰি পালনেৰে পম্পী পাহাদীৰ স্বাৱলম্বীতাৰ আন্দোলন... 
অসম

গাহৰি পালনেৰে পম্পী পাহাদীৰ স্বাৱলম্বীতাৰ আন্দোলন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গাহৰি পালনেৰে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে গহপুৰৰ পম্পী পাহাদী নামৰ এগৰাকী মহিলাই। সন্তানক অধ্যয়নৰ ক্ষেত্ৰত আৰ্থিক ভাৱে সহায় কৰিবলৈ আৰম্ভ কৰিছিল গাহৰি পালন। দুটা গাহৰিৰে আৰম্ভ কৰিছিল ফাৰ্মখন। এতিয়া বছৰি শতাধিক গাহৰি বিক্ৰী কৰে ফাৰ্মখনৰ পৰা।

ঘৰৰে চৌহদত পকী কোথালি প্ৰস্তুত কৰি পৰিস্কাৰ-পৰিচ্ছন্ন ভাৱে গাহৰি পোহপাল দিছে মহিলাগৰাকীয়ে। বছৰি ২ ৰ পৰা ২.৫ লাখ টকা উপাৰ্জন হৈছে বুলি জানিব দিছে পম্পী পাহাদীয়ে।

তেওঁৰ গাহৰি পালনৰ জৰিয়তে উপাৰ্জিত ধনেৰে ঘৰখনৰ খৰচৰ লগতে দুটাকৈ সন্তানক উচ্চ শিক্ষা গ্ৰহণত ব্যয় কৰিবলৈ সক্ষম হৈছে। গহপুৰৰ হাটিমৰা গাঁৱৰ এইগৰাকী উদ্যমী মহিলা এতিয়া অঞ্চলটোৰ আন আন মহিলাসকলৰ বাবে আদৰ্শ হৈ পৰিছে।