অসম

গহপুৰত মাটিৰ খাজনা লোৱাৰ নিৰ্দেশনা নাই ওপৰৱালা বিষয়াৰঃ সমস্যাত গহপুৰ মহকুমাৰ ৰাইজ

Asomiya Pratidin

ডিজিটেল সংবাদ,ছয়দুৱাৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহ সংগ্ৰহৰ ওপৰত বিশেষ গুৰুত্ব দিছে তেনে সময়তে বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ মহকুমাত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত এখন ওলোটা ছবিহে দেখা গৈছে।

মিছন বসুন্ধৰাৰ জৰিয়তে মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ কৰিছিল বিজেপি চৰকাৰে।চৰকাৰখনৰ এই পদক্ষেপ আছিল প্ৰশংসনীয়।মিছন বসুন্ধৰা ২ ৰ জৰিয়তে অসমৰ আন আন প্ৰান্তৰ দৰে গহপুৰ মহকুমাৰ শ-শ লোকে যোগ্যতাৰ ভিত্তিত লাভ কৰিছিল মাটিৰ পট্টা।মহকুমাটোত উক্ত পট্টা দিয়াৰ কাম নিজেই ৰূপায়ণ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই নিজেই।

সেই অনুসৰি চলিত বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত গহপুৰ মহকুমাৰ গহপুৰ ৰাজহ চক্ৰ আৰু হেলেম ৰাজহ চক্ৰৰ সহস্ৰাধিক খিলঞ্জীয়া লোকে যোগ্যতাৰ ভিত্তিত লাভ কৰিছিল মাটিৰ পট্টা। উক্ত পট্টাৰ আধাৰত গহপুৰ মহকুমাৰ বহু লোকে ইতিমধ্যে জমাবন্দি আৰু ট্ৰেছ মেপ পৰ্যন্ত সংগ্ৰহ কৰিলে যদিও আবণ্টিত পট্টা মাটিৰ বিপৰীতে আজিলৈকে দিব নোৱাৰিলে মাটিৰ খাজনা।

মহকুমাটোৰ সংশ্লিষ্ট ৰাইজে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই স্ব-ইচ্ছাই মাটিৰ ৰাজহ আদায় দিবলৈ গৈয়ো এতিয়া বিফল হৈ উভতি আহিবলগীয়া হৈছে। ফলত খাজনা ৰছিদ নথকাৰ বাবে বিভিন্ন অফিচিয়েল, ব্যৱসায়িক,কৃষি আৰু বেংকৰ বিভিন্ন কামৰ ক্ষেত্ৰত সমস্যাত পৰিছে বহু লোক।

আবণ্টিত পট্টা মাটিৰ বিপৰীতে চৰকাৰক ৰাজহ দিবলৈ গৈ মাহৰ পিছত মাহ ধৰি অপেক্ষা কৰিবলগীয়া হোৱা বিষয়টোৱে অসম চৰকাৰৰ জনমুখী আৰু খৰতকীয়া প্ৰশাসন যন্ত্ৰৰ ফোপোলা স্বৰূপ উদঙাই দেখুওৱা বুলি মন্তব্য কৰিছে ভুক্তভোগী ৰাইজে।

এই আহুকলীয়া পৰিস্থিতি হেলেম মৌজাৰ ক্ষেত্ৰতো সংঘটিত হৈ আহিছে।এইক্ষেত্ৰত এগৰাকী মৌজাদাৰে অসমীয়া প্ৰতিদিনক কয় যে নতুনকৈ পঞ্জীয়ন ভুক্ত হোৱা মাটিৰ বিপৰীতে খাজনা সংগ্ৰহ কৰিবলৈ চক্ৰ বিষয়াই নিৰ্দেশ নিদিয়া বাবেই তেনে মাটিৰ খাজনা ল'ব পৰা নাই।

এফালে অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব আৰু আনফালে ৰাজহ সংগ্ৰহ কৰিবলৈ বিষয়াৰ নিৰ্দেশনা নোপোৱা কাৰ্য্যই সমগ্ৰ বিষয়টো আচৰিত কৰি তুলিছে।এইক্ষেত্ৰত বিষয়টোৰ খৰতকীয়া সমাধানৰ বাবে গহপুৰ মহকুমাৰ মহকুমাধিপতিৰ উপযুক্ত পদক্ষেপ কামনা কৰিছে ভুক্তভোগী ৰাইজে।