অসম

গহপুৰ জ্যোতি বিদ্যামন্দিৰৰ বাৰ্ষিক সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ মহকুমাৰ হেলেম মৌজাৰ অন্তৰ্গত টকৌবাৰীৰ অন্যতম শিক্ষানুষ্ঠান জ্যোতি বিদ্যামন্দিৰত মঙলবাৰে দিনযোৰা কাৰ্য্যসূচীৰে বাৰ্ষিক সভা আৰু কৃতী ছাত্র-ছাত্ৰীৰ এখন অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।

জ্যোতি বিদ্যামন্দিৰ শৈক্ষিক ন্যাসৰ চেয়াৰমেন তিলক ঢুংগেলৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰাই। ছাত্র-ছাত্ৰী সকলক উদ্দেশ্যে কৰি ভাষণত তেওঁ কয়- কেতিয়াও তোমালোকে শিপা নাপাহৰিবা।মা-দেউতা, ককা-আইতা, নিজৰ ঠাইকণ, জন্মভূমি, শিক্ষাগুৰু আৰু দেশমাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হ'লেহে প্ৰকৃত মানৱ হৈ উজলি উঠিব পাৰিবা। ভাষণ প্ৰসংগত তেওঁ আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী হোৱাৰ নৈতিক শিক্ষা ল'বলৈ ছাত্র-ছাত্ৰী সকলৰ প্ৰতি আহ্বান জনায়।

জ্ঞান অৰ্জন কৰি কেনেকৈ এজোপা বটবৃক্ষলৈ পৰিণত হ'ব পাৰি তাৰ বাবে সৰুৰে পৰা ছাত্র-ছাত্ৰীসকলে প্ৰচেষ্টা চলোৱাৰ ওপৰত গুৰুত্ব দিবলৈ লুকুমণি বৰাই ভাষণত উল্লেখ কৰে। বিদ্যালয়খনৰ শিক্ষক পূণ্য আচাৰ্য্যই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথে ভাষণত কয় যে ছাত্র-ছাত্ৰী সকলে চাৰিটা "ম"ৰ প্ৰতি সদায় শ্ৰদ্ধাশীল হ'ব লাগিব।"মা","মাতৃভাষা","মাতৃভূমি' আৰু "মানুহ"ক ভাল পাবলৈ শিকিলেহে প্ৰকৃত মানৱ সম্পদ হৈ সমাজত সুপ্ৰতিষ্ঠিত হ'ব পৰা যায় বুলি ভাষণত উল্লেখ কৰে।

পংকজ কুমাৰ নাথে কয় যে জীৱনৰ প্ৰকৃত মহত্ব উপলব্ধি কৰিবলৈ হ'লে এই চাৰিটা বিশেষ শব্দৰ প্ৰতি সৰুৰে পৰা শ্ৰদ্ধাশীল হ'বলৈ শিকিব লাগিব। ভাষণ প্ৰসংগত তেওঁ এক চালুকীয়া অৱস্থাৰ ব্যক্তিগতখণ্ডৰ এই বিদ্যালয়খনে এশ শতাংশ উত্তীৰ্ণৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহত দেখুৱাই অহা পাৰদৰ্শিতাক আন্তৰিকতাৰে শলাগ লয়।

জ্যোতি বিদ্যামন্দিৰৰ অধ্যক্ষ সঞ্জীৱ উপধ্যায়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত নৱম শ্ৰেণীৰ ছাত্ৰ কৃষ্ণ ছেত্ৰীক ষ্টুডেণ্ট অফ দ্যা ইয়েৰ আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্র জীৎ পখ্ৰেল,সপ্তম শ্ৰেণীৰ ছাত্ৰী এলিনা দেৱী আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্রী নিকিতা কুৰ্মীক ভইচ অফ জেভিএম সন্মানেৰে পুৰস্কৃত কৰা হয়।

তদুপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সদ্যঘোষিত ফলাফলত এশ শতাংশ উত্তীৰ্ণৰে সাফল্য অৰ্জন কৰা ৩১ গৰাকী ছাত্র-ছাত্ৰীক সভাখনত অভিনন্দন জনোৱা হয়।সেই অনুসৰি-ডিষ্ট্ৰিংছন নম্বৰ লাভ কৰা সংগীতা মহন্ত(৯৫.৫%) আৰু সুভাষ ব'হৰা(৮৫.৩৩%)ৰ লগতে ষ্টাৰ নম্বৰ লাভ কৰা কৰিণা গোস্বামী, দিক্ষীত নেপাল, নেহা ছেত্ৰী,মনদ্বীপ উপাধ্যায়, সুন্দৰ ছেত্ৰী আৰু দীপান্বিতা মহন্তক বিশেষ ভাবে অভিনন্দন জনোৱা হয়।

ঘোষিত ফলাফলত লেটাৰ নম্বৰ সহ ১৮ গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগ আৰু ৫ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়।সীমিত আন্তঃগাঠনিৰ মাধ্যমেৰে বিদ্যালয়খনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দেখুৱাই অহা সাফল্যৰ ধাৰাবাহিকতাই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে শিক্ষানুৰাগী ৰাইজৰ।