অসম

গহপুৰ মহকুমাধিপতি কাৰ্যালয়ত SUMMER SHINE CAMP 2.0

Asomiya Pratidin

ডিজিটেল সংবাদ,গহপুৰঃ গহপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত মহকুমাৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আৰম্ভ হৈছে SUMMER SHINE CAMP 2.0 । গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ সহযোগত ৩ দিনীয়া কাৰ্যসূচীৰে এই কৰ্মশালাখন অনুষ্ঠিত কৰা হয়।

মহকুমাধিপতি লুকুমনি বৰাই প্ৰথম দিনৰ 'বিজ্ঞানক ভাল পাঁও আহক' কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে।সমল ব্যক্তি হিচাবে উপস্থিত থাকে বিজ্ঞান শিক্ষক নৱদ্বীপ শইকীয়া। ছাত্ৰ-ছাত্ৰী সকলক দৈনন্দিন জীৱনত বিজ্ঞানৰ ব্যৱহাৰ, প্ৰয়োজনীয় কিছুমান ৰাসায়নিক প্ৰক্ৰিয়া আৰু কেনেদৰে বিজ্ঞান বিষয়টোৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ বঢ়াব পাৰি সেই সম্পৰ্কত বিতং আলোকপাত কৰা হয়।