অসম

আজি গোসাঁই বিহু

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজি গোসাঁই বিহু । গোসাঁই বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানৰ সত্ৰ,নামঘৰ,বিষ্ণু মন্দিৰ আদিত নাম কীৰ্তনেৰে মুখৰিত হৈ পৰে । বৰপেটা, বটদ্ৰৱা,আঠখেলিয়া,ঢেকীয়াখোৱা,মধুপুৰ আৰু মাজুলীৰ সত্ৰ সমূহৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজহুৱা নামঘৰ সমূহত দিনজোৰা কাৰ্যসূচীৰে নাম-কীৰ্তন অনুষ্ঠিত হয় ।

উল্লেখ্য যে, ৭ দিনীয়াকৈ অসমীয়াই পালন কৰে হেঁপাহৰ ৰঙালী বিহু। ৰঙালী বিহু বা ব’হাগ বিহুৰ তৃতীয় দিনা গোসাঁই বিহু। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত নাম-প্ৰসঙ্গ হয়।

যাৰ পৰিপ্ৰেক্ষিতত আজিও বিহু বলিয়া ৰাইজে বিহু পালন কৰিছে। ভ্ৰমণ কৰিছে নামঘৰ, সত্ৰ আজি। এতিয়া ৰঙালীৰ উছাহত মছগুল অসমীয়া।