অসম

পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুই ছাত্ৰ নেতাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোমবাৰে গোলাঘাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত টাই আহোম ছাত্র সন্থাৰ দুই নেতাৰ মৃত্যু হয়। এই ঘটনাৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছা পৰিছে।

নিহতদ্বয় দিপ্লু গগৈ আৰু কৌশিক গগৈ বুলি জানিব পৰা গৈছে। নামবৰ অভয়াৰণ্যত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

উল্লেখ্য যে, দেওবাৰে নিশাৰে পৰা সন্ধানহীন হৈ আছিল দুয়ো। আৰক্ষীৰ সহযোগত পৰিয়ালৰ লোকে সন্ধান লাভ কৰে দুয়োৰে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি বাইক দুৰ্ঘটনাত মৃত্যু হৈছে দুই ছাত্ৰ নেতাৰ।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।