গোলাঘাট

মেৰাপানীত বিষাক্ত কাঠফুলা খাই একেটা পৰিয়ালৰ ৫ জন অসুস্থ

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট: মেৰাপানীত বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হৈ পৰিছে একেটা পৰিয়ালৰে ৫ জনকৈ সদস্য। মেৰাপানীৰ ৬ নং ক'লাজান অঞ্চলৰ পৰিয়ালটোৱে পুৱাৰ আহাৰত বনৰীয়া কাঠফুলা ভক্ষণ কৰাৰ পাছৰে পৰা হঠাৎ অসুস্থ হৈ পৰে।

প্ৰচণ্ড পেটৰ বিষ,শৌচ আৰু বমিত ভোগা লোককেইজনক চুবুৰীয়াই ততাতৈয়াকৈ সমীপৰ মেৰাপানী সমূহীয়া চিকিৎসায়ত ভৰ্তি কৰে। প্ৰাথমিক চিকিৎসাৰ অন্তত আক্ৰান্ত সকলক উন্নত চিকিৎসাৰ বাবে গোলাঘাট সদৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আক্ৰান্ত সকলৰ ভিতৰত দুটি শিশুও আছে। আনকেইজন আক্ৰান্ত ক্ৰমে ৰাজু কৰুৱা,মহন কৰুৱা আৰু নিৰ্মলী কুৰুৱা।চিকিৎসকৰ ভাষ্য অনুসৰি আক্ৰান্ত সকল বৰ্তমানেও সংকটমুক্ত নহয়।