গোলাঘাট

বিষাক্ত কাঠফুলা খায় ৯জন চিকিৎসাধীন...

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ সৰুপথাৰ উৰিয়ামঘাটৰ দুটা পৰিয়ালৰ মহিলাসহ ৮ গৰাকী লোকে বিষাক্ত বনৰীয়া কাঠফুলা খাই অসুস্থ হৈছে। সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। শুকুৰবাৰে নিশাৰ আহাৰৰ লগত বনৰীয়া কাঠফুলাৰ ভক্ষণ কৰাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰে লোক কেইজন।

কাঠফুলা খাই বিষক্ৰিয়াত আক্ৰান্ত হোৱাসকল হল মহেশ গৌৰ,দুলুমন গড়,হিৰামন গড়,শিতাশা খাপলাৰী,চম্পা খাপলৰী,ববিতা খাখলাৰী,মনিষা খাখলাৰী আৰু লংকেশ্বৰ গৌৰ। আনহাতে কাৰ্বিআংলং জিলাৰ শিলনি জানৰ মঞ্জু গড় নামৰ মহিলা গৰাকীও বনৰীয়া কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ হৈ পৰাত তেওঁকো গোলাঘাটৰ কুশল কোৱৰ অসামৰিক চিকিৎসালয়লৈ অনা হৈছিল যদিও তেওঁৰ অৱস্থা অতি শোচনীয় হোৱাত তেওক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।