দেৰগাঁৱৰ দুৰ্ঘটনাত মৃতলোকসকলৰ সমাধিস্থল নিৰ্মাণৰ আহ্বান আছুৰ... 
গোলাঘাট

দেৰগাঁৱৰ দুৰ্ঘটনাত মৃতলোকসকলৰ সমাধিস্থল নিৰ্মাণৰ আহ্বান আছুৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ গোলাঘাটঃ দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱতি লোৱা কমাৰবন্ধা বচা ভৰলুৱা গাঁৱৰ দুৰ্ভগীয়া পৰিয়ালসমূহৰ আজি খবৰ ল'লে আছুৰ সভাপতি উৎপল শৰ্মা, সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে। অভিশপ্ত পথ দুৰ্ঘটনাটোত অকাল মৃত্যুক সাৱতি লোৱা ব্যক্তি কেইজনৰ পৰিয়ালকেইটাক সাক্ষাৎ কৰি আছু আৰু যুৱ ছাত্ৰৰ নেতৃবৰ্গই সমবেদনা জ্ঞাপন কৰাৰ লগতে দুৰ্ঘটনাত আহত ব্যক্তিসকলৰো স্বাস্থ্যৰ বুজ লয়।

সংগঠন কেইটাৰ সঁজাতি দলটোক ৰাইজে মৃতকৰ সমাধিস্থলীত ৰাজহুৱা স্মৃতি সৌধ নিমাৰ্ণ কৰা, নিহতসকলৰ পৰিয়ালবৰ্গক পৰ্যাপ্ত ক্ষতিপূৰণ আৰু সংস্থাপনৰ ব্যৱস্থা কৰা, আহতসকলক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা আদি দাবী উত্থাপন কৰাৰ লগতে মৃত্যু উপত্যকাত পৰিণত হোৱা নিৰ্মিয়মান ৰাষ্ট্ৰীয় ঘাই পথ অতি শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত চৰকাৰক হেঁচা প্ৰদান কৰিবলৈ দাবী কৰে ।

ইফালে আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই চৰকাৰ তীব্ৰ সমালোচনা কৰি কয় যে, ৰাষ্ট্ৰীয় ঘাই পথৰ নিমাৰ্ণ সম্পূৰ্ণ কৰাৰ বিপৰীতে য'তে ত'তে টোল গেট নিৰ্মাণ কৰি টোল টেক্স সংগ্ৰহ কৰিবৰ বাবে যিমান গুৰুত্ব দিছে সেইদৰে পথৰ কাম সম্পtৰ্ণ কৰিবৰ বাবে কোনো গুৰুত্ব প্ৰদান কৰা নাই।

অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত গভীৰ শোক প্ৰকাশ কৰে। অতিশীঘ্ৰে NHIDCL ৰ অধীনত নিৰ্মাণৰত পথচোৱা সম্পূৰ্ণ কৰিবলৈও চৰকাৰক দাবী জনাই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি গৰাকীয়ে। ইপিনে দেৰগাঁৱত সংঘটিত ঘটনা সন্দৰ্ভতো চৰকাৰ তথা NHIDCL কৰ্তৃপক্ষকো তীব্ৰ সমালোচনা কৰে কেওটা সংগঠনে ।