চৰকাৰৰ কৃপাদৃষ্টি নপৰা অজন্তা নেওগৰ সমষ্টিৰ এখন গাঁৱৰ কাহিনী... 
গোলাঘাট

চৰকাৰৰ কৃপাদৃষ্টি নপৰা অজন্তা নেওগৰ সমষ্টিৰ এখন গাঁৱৰ কাহিনী...

Asomiya Pratidin

ডিজিটেল সংবাদ গোলাঘাটঃ কোনো এখন চৰকাৰৰ সুদৃষ্টিত নপৰা এটা কদৰ্য্যময় জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে মেৰাপানীৰ কাষৰীয়া এটা বৃহৎ অঞ্চলৰ ৰাইজক। জৰাজীৰ্ণ পথটোৰ বাবেই বাৰিষা একাঁঠু বোকা আৰু খৰালি ধুলিময় পৰিবেশে জীৱন দুৰ্বিসহ কৰি তোলে অঞ্চলবাসীৰ।

গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিটা গাঁও পঞ্চায়ত ক্ৰমে মেৰাপানী,অৰুণাচল আৰু তৰানিৰ সংযোগস্থলত অৱস্থিত নপাম গাঁৱৰ মাজেৰে যোৱা পথটোত আজিপৰ্য্যন্ত নপৰিল এটা শিলগুটি। প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা বৰ্তমান এজাক বৰষুণতে ভূঁই ৰোৱা পথাৰ সদৃশ হৈ পৰে।

যানবাহন চলাচল কৰাটো দূৰৈৰে কথা, বৰষুণৰ বতৰত পথটোৰে খোজকাঢ়ি যোৱাটোও এতিয়া অসম্ভৱ হৈ পৰিছে। নপাম গাঁৱৰ পৰা তৰানিলৈ যাতায়তৰ সহজ পথ হিচাপে ব্যৱহৃত পথটোৰ দোয়োকাষে প্ৰায় চাৰিশটা পৰিয়ালে বসবাস কৰে। কিন্তু পথটোৰ দুৰৱস্থাৰ বাবেই বাৰিষাৰ বতৰত একপ্ৰকাৰ গৃহবন্দী হৈ পৰে গাঁওখনৰ পৰিয়ালসমূহ।

বিশেষকৈ গাঁওখনৰ স্কুল কলেজীয়া ছাত্র-ছাত্ৰীসকলে বোকাময় পথটোৰ বাবে সৰ্বাধিক জীয়াতু ভোগী আহিছে। ছাত্র-ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি একাংশ অভিভাৱকে বাৰিষা নিজ নিজ সন্তানক বিদ্যালয়লৈ পথোৱা কাৰ্য্য একপ্ৰকাৰ বন্ধ কৰিবলৈ বাধ্য হৈ পৰে।

ইফালে প্ৰসূতিৰ লগতে গাঁওখনৰ ৰোগাক্ৰান্ত লোকসকলে পথৰ দুৰৱস্থাৰ বাবেই ১০৮ মৃত্যুঞ্জয় সেৱাৰ দৰে গুৰুত্বপূৰ্ণ সেৱাৰ পৰা বঞ্চিত হৈ আহিছে। গাঁৱৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষৰ শেষৰফালে এনৰেগা আঁচনিৰ অধিনত প্ৰায় এঘাৰ লাখ টকা ব্যয়সাপেক্ষে পথটোৰ মেৰামতি আৰম্ভ হৈছিল যদিও শেষত ৰহস্যজনক কাৰণত মেৰামতি কাৰ্য্য বন্ধ হৈ পৰে।

স্থানীয় পঞ্চায়তে পথটোৰ দোয়োকাষে কিছু মাটি পেলাই দ্বায়িত্ব সামৰাত পূৰ্বতকৈ অধিক বোকাময় হৈ পৰে সমগ্ৰ পথটো। সম্প্ৰতি যাতায়তৰ স্বাৰ্থতে সময়ে সময়ে গাঁৱৰ পুৰুষ মহিলাসকলে শ্ৰমদান কৰি পথটো নিজাববীয়াকৈ মেৰামতিৰ ব্যৰ্থ চেষ্টা চলাই আহিছে। ক্ষোভিত গাঁওবাসীয়ে এইক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী অজন্তা নেওগক পথটো মেৰামতি কৰাৰ বাবে কাতৰ আহ্বান জনাইছে।