নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সুৰক্ষা বান্ধ ভঙাৰ পাছতে অখিল গগৈৰ প্ৰতিক্ৰিয়া... 
গোলাঘাট

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সুৰক্ষা বান্ধ ভঙাৰ পাছতে অখিল গগৈৰ প্ৰতিক্ৰিয়া...

Asomiya Pratidin

ডিজিটেল সংবাদ কাজিৰঙাঃ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত সংঘটিত অঘটনৰ পাছত প্ৰকল্পটোৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ অখিল গগৈৰ মন্তব্য যে, এই অঘটনৰ পাছত নিৰ্মান কাৰ্য আৰু দুবছৰ পিছুৱাই যাব ৷

জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মানৰ ক্ষেত্ৰত আৰম্ভণিতে গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে আই আই টি গুৱাহাটীয়ে তথ্য প্ৰদান কৰি ইয়াৰ বিৰোধিতা কৰিছিল ৷ যুক্তি প্ৰদান কৰিছিল যে বালি, শিল তথা মৰা শিলৰ ওপৰত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কাৰ্য সম্ভৱ নহয় ৷ যাৰ পৰিণতিত নিৰ্মাণ কাৰ্য চলি থকা সময়তে ইতিমধ্যে ১০ জন শ্ৰমিকৰ মৃত্যু হৈছে ৷

জলবিদ্যুৎ প্ৰকল্পটোৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আন বহু সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি পাঁচবছৰ বন্ধ কৰি দিছিল নিৰ্মাণ কাৰ্য ৷ আনহাতে জলবিদ্যুত প্ৰকল্পটো এটা জলবোমা বুলি অভিহিত কৰি অখিল গগৈয়ে মন্তব্য কৰে যে নিৰ্মাণ সন্পূৰ্ণ হ’লে প্ৰায় পাঁচ লাখ মানুহৰ জীৱন জিৱিকা তথা জৈৱ বৈচিত্ৰতাৰ বাবে ভাবুকি কঢ়িয়াই আনিব ৷