গোলাঘাট

চৰকাৰৰ বিৰুদ্ধে অখিল গগৈৰ বিস্ফোৰক মন্তব্য

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : আজি দেশে উদযাপন কৰিছে ৭৭ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ দিনটোত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ

স্বাধীনতাৰ ৭৭ বছৰ পাছতো দেশ তথা ৰাজ্যৰ জনগণ প্ৰকৃততে স্বাধীন হ'লনে বুলি প্ৰশ্ন উত্থাপন ৰাইজৰ দলৰ সভাপতিগৰাকীৰ ৷ বিধায়কগৰাকীৰ প্ৰশ্ন কৰে যে, '৭৭ বছৰৰ পাছতো অসমৰ ২৮% লোক ভূমিহীন,অসমৰ ৰাইজে এমাহত ১২৫০ টকাৰ অৰুণোদয় আচঁনি পাম বুলি মুখ মেলি বহি ৰৈ থাকিব লাগে সেইখন ৰাজ্যত লোকসকলক স্বাধীন বুলি আমি ভাবিব পাৰোনে' ?

লগতে তেওঁ কয়- 'যিখন দেশত ভাৰতৰ সংবিধানত মুকলিমুৰীয়াকৈ অস্বীকাৰ কৰি ধৰ্মীয় জনগোষ্ঠী সমুহৰ মাজত সংঘাত আৰু সংঘৰ্ষ লগাব পাৰে,এক শ্ৰেণীৰ মানুহক দ্বিতীয় শ্ৰেণীৰ মাননুহৰূপে পোনপটীয়াকৈ ঘোষণা কৰিব পাৰে,জাতি বৰ্ণ ধৰ্মৰ নামত শাসক শ্ৰেণীয়ে মানুহৰ ওপৰত নিৰ্যাতন চলাব পাৰে সেইখন দেশত প্ৰকৃততে স্বাধীনতা আছে বুলি আমি ভাবিব পাৰোনে' বুলি প্ৰশ্ন উত্থাপন কৰে।

বিধায়ক গগৈয়ে আক্ষেপ প্ৰকাশ কৰি কয়- 'যিখন দেশত মহিলাসকল পদে পদে নিৰ্যাতন হয়,২৪ ঘন্টাই মহিলাসকল পুৰুষকেন্দ্ৰীক সমাজৰ পৰা সন্ত্ৰাসিত হৈ থাকিব লাগে সেইখন দেশত কেনেকৈ কও স্বাধীনতা আহিল বুলি ৷ যিখন ৰাজ্যৰ শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰিব লগীয়া হয় সেই ৰাজ্যৰ জনগণলৈ স্বাধীনতা আহিলে বুলি আমি কেনেকৈ ভাবিব পাৰো'?

যিখন ৰাজ্যত প্ৰসুতি মাতৃৰ লগতে শিশুৰ মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰত স্থান লাভ কৰে সেইখন ৰাজ্যত প্ৰকৃতাৰ্থত জনগণ স্বাধীন বুলি কৱ পাৰিনে ? আজি যিকন স্বাধীনতা আছিল সেইখিনিও সাম্প্ৰদায়িক ফেচিবাদী সকলে,গেৰুৱা বাহিনীয়ে ৰাইজৰ পৰা কাঢ়ি লৈছে বুলি অখিল গগৈয়ে মন্তব্য কৰে।