বোকাখাতৰ কুৰুৱাবাহীত দেওবাৰে মুকলি হ'ব 'অকণ ৰাজখোৱা নাট্যক্ষেত্র'...  
গোলাঘাট

বোকাখাতৰ কুৰুৱাবাহীত দেওবাৰে মুকলি হ'ব 'অকণ ৰাজখোৱা নাট্যক্ষেত্র'...

Asomiya Pratidin

ডিজিটেল সংবাদ বোকাখাতঃ দীৰ্ঘদিনৰ পৰা বোকাখাত তথা অসমৰ ছিৰিয়াছ নাট্য ক্ষেত্ৰখনত ধাৰাবাহিকভাৱে চৰ্চা অব্যাহত ৰখা বোকাখাতৰ নাট্য গোষ্ঠী 'দেখহ শুনহ-এটি শিল্প যাত্রা'য়ে বোকাখাতৰ কুৰুৱাবাহী পৰংগনীয়া গাঁৱত অহা দেওবাৰ অৰ্থাৎ ৩১ ডিচেম্বৰ তাৰিখে নাট্য গোষ্ঠীটোৰ স্থায়ী কাৰ্যালয়ত মুকলি কৰিব 'অকণ ৰাজখোৱা নাট্যক্ষেত্র' নামেৰে এটি মুক্তাংগণ নাট্য ক্ষেত্ৰ।

নাট্য গোষ্ঠীটোৰ মুখ্য সম্পাদক, নাট্যকাৰ-পৰিচালক পবিত্ৰ ৰাজখোৱাই জানিবলৈ দিয়া মতে উক্ত দিনটোতে 'অকণ ৰাজখোৱা নাট্যক্ষেত্র'ৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে 'দেখহ শুনহ সঙ্গীত নাটক বিদ্যালয়' শুভ উদ্বোধন কৰা হ'ব।

উল্লেখযোগ্য যে "দেখহ শুনহ-এটি শিল্প যাত্রা"ই বিগত সময়চোৱাত 'বন্ধ্যা', 'বান্দৰ - এক ওভতনি যাত্ৰা', 'কথা কুঁহিপাত', 'শেষ ভাওনাৰ ভাও' আদি নাটকৰ মঞ্চায়নৰ যোগেদি বিষেশ চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে অপেছাদাৰী নাট্য ক্ষেত্ৰখনত বিশেষ পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে।