দেৰগাঁও পৌৰসভাৰ অমনোযোগিতাত কৃত্ৰিম বানৰ কৱলত পৰি ৰাইজৰ দুৰ্ভোগ... 
গোলাঘাট

দেৰগাঁও পৌৰসভাৰ অমনোযোগিতাত কৃত্ৰিম বানৰ কৱলত পৰি ৰাইজৰ দুৰ্ভোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ দেৰগাঁও : গোলাঘাট জিলাৰ অন্যতম দেৰগাঁও পৌৰসভা এলেকাধিন জনসাধাৰণৰ বিভিন্ন সমস্যাৰ লগতে কৃত্ৰিম বানৰ সমস্যাটো বহুদিনীয়া তথা উল্লেখনীয় যদিও প্ৰতিজন পৌৰপতিয়েই এই সমস্যাৰ সমাধাৰ বেলিকা চূড়ান্ত ভাৱে বিফল হোৱা পৰিলক্ষিত হৈয় আহিছে । উন্নয়ণৰ শ্ল'লগানেৰে শাসনভাৰ লোৱা বিজেপীৰ নেতৃত্বত থকা কেন্দ্ৰীয়, ৰাজ্য তথা দেৰগাঁও পৌৰসভাও যে পদে পদে ৰাইজৰ সমস্যাসমূহ সমাধান বিপৰীতে ব্যৰ্থতাৰ কাৰ্য্যসূচীকে বৰ্তাই ৰাখিব বিছৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, বিগত পৌৰসভাৰ দিনত প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে নলা নিৰ্মাণ কৰি পানীৰ সমস্যাৰ সমাধান চেষ্টা কৰিছিল যদিও বাস্তৱত সেয়া ভেকো ভাওনালৈহে পৰিণত হ'ল। কিয়নো নিৰ্মীয়মান কোনো এটি নলাদি পানী গেলাবিল নৈয় বা অন্য স্থানত নপৰাৰ সমান্তৰালভাৱে বৰ্তমান ফ'ৰলেণ্ডৰ কামৰ বাবেও নলাসমূহ ভাঙি কোটি কোটি ৰাইজৰ টকাৰ পানীত পেলোৱা অৱস্থা হ'ল ।

এনে প্ৰেক্ষাপটত বৰ্তমানৰ পৌৰসভাখনে দীৰ্ঘদিনীয়া এই কৃত্ৰিম পানীৰ বিষয়টি সমাধান কৰিব বুলি ৰাইজে আচস্ত হৈছিল যদিও কমিছনৰ অংকত সেয়াও তাপ মাৰিলে। পৰিণতিত সাধাৰণ ৰাইজৰ ,শিক্ষাৰ্থী,ৰোগী কৃত্ৰিম পানীৰ কৱলত পৰি হাবাথুৰি খাবলগা হয় যদিও পৌৰপতি আৰু দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভড়ালীয়ে যেন সমস্যাটো ভোট অংকত জীয়াই ৰাখিহে সুখনিদ্ৰাত থাকিব পাৰিছে ।

জনপ্ৰতিধিৰ এনে কুম্ভকৰ্ণনিদ্ৰাৰ বিপৰীত যেনিবা সকলো ক্ষেত্ৰত অত্যাধিক কৰ-কাতল আদায় দিয়ো বিনিময়ত সমস্যা লৈয়হে ৰাইজে যমৰ যাতনাৰে জীৱন অতিবাহিত কৰিব লগা হৈছে । সেয়ে ৰজাঘৰীয়া এনে অমনোযোগিতাৰ বিপৰীতে শেহতীয়াকৈ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থা সক্ৰিয় হৈ বিষয়টি চৰকাৰী আমোলাৰ দৃষ্টি গোচৰ কৰিছে ।

কিয়নো পৌৰসভাৰ অন্তৰ্গত ভালেকেইটা ৱাৰ্ডৰ বাসিন্দাৰ লোক বৰ্তমানত কৃত্ৰিম বানৰ কবলত পৰি দুৰ্ভূগ ভূগিবলগীয়া হৈছে। এই সমস্যাটো এক পুৰণি সমস্যা হিচাপে বিবেচিত হোৱাত আৰু এই ক্ষেত্ৰত স্থানীয় পৌৰসভাখনক দোষাৰোপ কৰি এই সমস্যাসমূহ স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত এক দাবী সম্বলিত স্মাৰক পত্ৰ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি তপন বৰুৱা, সম্পাদক দুস্মন্ত দত্ত আৰু গোলাঘাট জিলা ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক দীপ বৰঠাকুৰসহ এটি সজাতি দল গৈ দেৰগাঁও ৰাজহ চক্ৰ বিষয়া চিৰঞ্জিৎ দাস আৰু সু-শৃংখলিত নলা নৰ্দমা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত লোকনিৰ্মাণ বিভাগৰ(পথ) সহকাৰী কাৰ্যবাহী অভিযন্তাক পোন পতিয়াকৈ সমস্যাসমূহ অৱগত কৰাৰ লগতে একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

এই স্মাৰক পত্ৰত বিশেষকৈ ৬ নং ৱাৰ্ডৰ মিলনপুৰ অঞ্চলৰ কৃত্ৰিম বানপানী, দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ কৃত্ৰিম বানপানী,নাৰিকলগুৰিৰ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ কৃত্ৰিম বান-পানীৰ সমস্যা আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা চকিয়াল চুক অভিমূখি পথৰ দুৰৱস্থাৰ বিষয় সন্নিবিষ্ট কৰা হৈছে । ইয়াৰ উপৰিও উপযুক্ত নলা-নৰ্দমাৰ সমস্যাৰ বিষয়েও স্মাৰক পত্ৰখনত বিশেষভাৱে উল্লেখ কৰা হৈছে।