গোলাঘাট

গোলাঘাটত নতুন হিতাধীকাৰীৰ মাজত অৰুণোদয় ২.০ ৰ কাৰ্ড বিতৰণ

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট: ৰাজ্যৰ মহিলাসকলৰ সৱলীকৰণৰ যোগেদি পৰিয়াল তথা অসমৰ সৱলীকৰণৰ লক্ষ্য ৰাখি আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ নতুন হিতাধীকাৰী সকলৰ মাজত অৰুণোদয় ২.০ ৰ কাৰ্ড বিতৰনৰ এক বিশেষ অনুষ্ঠান বুধবাৰে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয় ৷ প্ৰায় ১০,৫০০ গৰাকী অৰুণোদয় ২.০ হিতাধীকাৰীক অৰুণোদয় আঁচনিৰ কাৰ্ড বিতৰনৰ শুভাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বিত্ত ইত্যাদি বিভাগৰ মন্ত্ৰী অজন্তা নেওঁগ৷

১০ গৰাকী অৰুণোদয় হিতাধীকাৰীক মঞ্চত প্ৰতীকি হিচাপে অৰুণোদয় কাৰ্ড বিতৰন কৰি মন্ত্ৰী অজন্তা নেওঁগে কয় যে, ৪১৪০ কোটি টকাৰে ২৭ লাখ মহিলা সামৰি লোৱা অসম চৰকাৰৰ এই আঁচনি দেশৰে এককভাৱে অন্যতম সৰ্ববৃহৎ সামাজিক সুৰক্ষা আঁচনি৷ তেওঁ ভাষণত উল্লেখ কৰে যে, মহিলাসকলক এক শক্তি হিচাপে ভৱা হয়, দেৱী দূৰ্গা বুলি পূজা কৰা হয় , কিন্তু সঁচা অৰ্থত মহিলা সকলক সৱল কৰিবলৈ হ'লে সমাজৰ আৰু ৰাজনৈতিক সদিচ্ছাৰ প্ৰয়োজন৷ তেখেতে লগতে কয় যে, অসমৰ দৰে ৰাজ্য এখনত সমাজৰ আৰ্থিকভাৱে পিছপৰা আৰু সামাজিক ভাৱে অনগ্ৰসৰ মহিলাসকলৰ কাৰণে কিবা এটা কৰাটো অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এক সপোন আছিল আৰু আৰুণোদয় আঁচনিৰ যোগেদি সেই সপোনৰে দিঠক ৰূপ দিয়া বাবে তেখেতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়৷

সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই অৰুণোদয় আঁচনিয়ে অসমৰ মহিলা সকলক সৱল কৰাত কেনেভাৱে সফল হৈছে সেয়া তুলি ধৰে৷ অনুষ্ঠানত উপস্থিত থকা সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে অৰুণোদয় আঁচনিয়ে মহিলাসকলৰ জীৱনলৈ অনা পৰিৱৰ্তনৰ কথা উল্লেখ কৰি মহিলাসকলৰ মাজত থকা শক্তিৰ জাগ্ৰত কৰি আৰু যাতে আগুৱাই যাব পাৰে তাৰ বাবে আহ্বান জনায় । গোলাঘাট জিলাৰ আয়ুক্ত ডা° পি উদয় প্ৰৱীনৰ আদৰণি ভাষণত অৰুণোদয় আঁচনিয়ে অৰ্থনৈতিক আৰু বিভিন্ন ক্ষেত্ৰত পিছপৰা অসমৰ মহিলাসকলৰ জীৱনলৈ নতুন আশা আৰু সুখ কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে৷

বুধবাৰৰ অনুষ্ঠানত গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী হেলিনা দলে পেগু, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়া সকল, গোলাঘাটৰ নেতৃস্থানীয় ব্যক্তিসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মূৰব্বীসকল আৰু প্ৰায় ১০,৫০০ অৰুণোদয় ২.০ হিতাধীকাৰী আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে ।