গোলাঘাট

বিধানসভা নিৰ্বাচনপৰ্যন্ত বিজেপিৰ লগ নেৰে অসম গণ পৰিষদে : সভাপতি অতুল বৰা

Asomiya Pratidin

ডিজিটেল সংবাদ,মেৰাপানী : ২০২৬ চনৰ বিধানসভা নিৰ্বাচনপৰ্য্যন্ত মিত্ৰদল ভাৰতীয় জনতা পাৰ্টীৰ লগ নেৰে অসম গণ পৰিষদে। অনুৰূপ ধৰণে আসন্ন পঞ্চায়ত নিৰ্বাচনতো পূৰ্বৰ দৰে মিত্ৰতা অক্ষুন্ন থাকিব অগপ-বিজেপিৰ। শনিবাৰে মেৰাপানীত এনেদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই।

মেৰাপানীৰ দৈয়াং চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ সভাগৃহত শনিবাৰে অসম গণ পৰিষদ দলৰ এখনি সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাখনত গোলাঘাট জিলা অগপৰ সমূহ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে দলৰ সভাপতি অতুল বৰা।

সভাখনত গোলাঘাট জিলাত অগপ দলৰ সাংগঠনিক শক্তি শক্তিশালী কৰা আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে, দীৰ্ঘ সময় ধৰি কংগ্ৰেছ আৰু বিজেপি দলৰ দখলত থকা গোলাঘাট বিধানসভা সমষ্টিত শনিবাৰে অগপৰ সাংগঠনিক সভাখনত ব্যাপক হাৰত নেতা কৰ্মীৰ উপস্থিতিয়ে মন্ত্ৰী অতুল বৰাক উৎসাহিত কৰি তোলে।

ইফালে সীমান্ত উন্নয়ন বিভাগৰ দ্বায়িত্বত থকা মন্ত্ৰী বৰাই আলাপ-আলোচনাৰ মাজেৰে দীৰ্ঘদিনীয়া অসম নগালেণ্ড সীমা সমস্যা সমাধানৰ পোষকতা কৰে। সভাত গোলাঘাট জিলা সমিতিৰ সভাপতি ড° নৃপেন বৰুৱা, অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি নুৰুল চুলতান, পৱন শইকীয়া,আছিকুৰ ৰহমান, ডিমান গগৈ প্ৰমুখ্যে গোলাঘাট সমষ্টি সমিতিৰ অন্তৰ্গত বুথ সমিতিৰ সভাপতি, সম্পাদক, অন্যান্য বিষয়ববীয়া আৰু ভাতৃ-ভগ্নী সংগঠনৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া, কৰ্মকৰ্তাসকল উপস্থিত থাকে।