গোলাঘাট

উৰুকাৰ নিশা বাগৰী জীপ ছাফাৰী সন্থাৰ আদৰণীয় পদক্ষেপ

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : আজি ভোগালীৰ উৰুকা ৷ আপোন পৰিয়ালটোৰ পৰা নিলগত থাকি কাজিৰঙাৰ বন্যজন্তুৰ সুৰক্ষাৰ স্বাৰ্থত কৰ্তব্য সম্পাদন কৰি থকা অতন্দ্ৰ প্ৰহৰীখ্যাত বনকৰ্মীসকলক বিহুৰ পিঠা-জলপান উপহাৰ হিচাপে প্ৰদান কৰিছে বাগৰী জীপ ছাফাৰী সন্থাই ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলৰ মুঠ ৪২ টা বনশিবিৰত ভোগালী জলপান প্ৰদান কৰিছে বাগৰী জীপ ছাফাৰী সন্থাই ৷ জীপ ছাফাৰী সন্থাৰ এই পদক্ষেপক শলাগ লৈছে উদ্যান কৰ্তৃপক্ষৰ লগতে সচেতন ৰাইজে ৷