কাজিৰঙাত ভূমিৰ অধিকাৰ বিচৰা থলুৱাৰ ওপৰত আৰক্ষীৰ বৰ্বৰ লাঠিচালনা... 
গোলাঘাট

কাজিৰঙাত ভূমিৰ অধিকাৰ বিচৰা থলুৱাৰ ওপৰত আৰক্ষীৰ বৰ্বৰ লাঠিচালনা...

Asomiya Pratidin

ডিজিটেল সংবাদ বোকাখাতঃ বুধবাৰে কাজিৰঙাৰ ইংলে পথাৰত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰ হৈ উঠিল বোকাখাত আৰক্ষী। কাজিৰঙাৰ ইংলে পথাৰত থলুৱা আদিবাসী লোকৰ ভূমি হস্তগত কৰি অসম চৰকাৰৰ পৰ্যটণ বিভাগে আন্তঃৰাষ্ট্ৰীয় হায়াট গ্ৰুপক পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া কাৰ্যৰ শান্তিপূৰ্ণ প্ৰতিবাদ কৰিবলৈ যাওঁতেই প্ৰতিবাদকাৰী চাহ শ্ৰমিকসকলৰ ওপৰত বৰ্বৰ ভাৱে লাঠিচাৰ্জ কৰে বোকাখাত আৰক্ষীয়ে।

বুধবাৰে আটছা, বোকাখাত শাখাৰ উদ্যোগত তথা কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত আৰু স্থানীয় হাতীখুলী-ৰঙাজান-দিৰিং চাহ বাগিছাৰ শ্ৰমিক ৰাইজৰ সহযোগত ৰঙাজানত কৰা এক প্রতিবাদী সমাবেশ কার্যসূচীৰ অন্তত ইংলে পথাৰ পৰিদৰ্শনৰ বাবে যোৱা শান্তিপূৰ্ণ জনতাৰ ওপৰত এই বৰ্বৰ আক্ৰমণত লিপ্ত হয় বোকাখাত আৰক্ষী।

উল্লেখযোগ্য যে কাজিৰঙাৰ ইংলে পথাৰৰ উক্ত ভূমিত ৰঙাজান-হাতীখুলী চাহ বাগিছাৰ শ্ৰমিকসকলে পুৰুষানুক্ৰমে কৃষি কাৰ্য কৰি অহাৰ পিছতো অসম চৰকাৰৰ পৰ্যটণ বিভাগে বলপূৰ্বকভাৱে সেই ভূমি হস্তগত কৰি আন্তঃৰাষ্ট্ৰীয় হায়াট গ্ৰুপক পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া কাৰ্যক আৰম্ভণিৰে পৰা আটছাই বিৰোধিতা কৰি আহিছে।

সেই মৰ্মে থলুৱা আদিবাসী চাহ শ্ৰমিকসকলৰ ভূমিৰ অধিকাৰৰ স্বাৰ্থত বুধবাৰে ৰঙাজানত আয়োজিত প্ৰতিবাদী সমাবেশৰ পাছতেই এই বৰ্বৰ ঘটনা সংঘটিত হয়। এই ঘটনাত আৰক্ষীৰ আক্ৰমণত কেইবাগৰাকীও মহিলা প্ৰতিবাদকাৰী আহত হোৱাৰ উপৰিও আহত হৈছে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অনিত গড়, জিলা সম্পাদক সুশিল কালিন্দী, জিলা সাংগঠনিক সম্পাদক বিকাশ নায়ক, দেৰগাঁও শাখাৰ শিক্ষা সম্পাদক দানিচ কুমাৰ।

আহত সকলক তাৎক্ষণিক ভাৱে কহঁৰাস্থিত বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে একাংশক বোকাখাত কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পাছতেই আক্ৰমণস্থলীৰ পৰাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদিশ বৰাইকে।

বোকাখাত আৰক্ষীৰ এই আক্ৰমণক গৃহ বিভাগৰ গুণ্ডাগিৰি আৰু স্বৈৰাচাৰী বুলি কঠোৰ সমালোচনা কৰি তেওঁ কয়-দণ্ডাধীশৰ নিৰ্দেশ অবিহনে জাতীয় সংগঠনৰ নেতৃবৃন্দক আৰু তাৰ শ্ৰমজীৱীৰ ওপৰত আইন হাতত তুলি লোৱা ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক। লগতে তেওঁ মুখ্যমন্ত্ৰীৰ ওচৰত সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে।

তদুপৰি বুধবাৰৰ প্ৰতিবাদী কাৰ্যসূচীক এটা ইলেক্ট্ৰনিক সংবাদ প্ৰতিষ্ঠানে চাহ শ্ৰমিকসকলে ইংলে পথাৰৰ ভূমিৰ ক্ষতিপূৰণ বিচাৰি কৰা আন্দোলন বুলি প্ৰচাৰ কৰা কাৰ্যক অভিসন্ধিমূলক প্ৰচাৰ আখ্যা দিছে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে। তেওঁ পুনৰ স্পষ্ট কৰি দি কয়, এয়া ক্ষতিপূৰণ বিচাৰি কৰা আন্দোলন নহয়, এয়া থলুৱা আদিবাসী লোকৰ ভূমিৰ অধিকাৰৰ আন্দোলন।

ইফালে কাজিৰঙাৰ থলুৱা আদিবাসী লোকৰ পৈত্ৰিক ভূমি কাঢ়ি পঞ্চতাৰকা হোটেল নিৰ্মানৰ বিৰোধিতা কৰিবলৈ যোৱা আটচা কৰ্মীৰ ওপৰত বোকাখাত পুলিচ বাহিনীয়ে কৰা নিৰ্মম প্ৰহাৰ কাণ্ডক তীব্ৰ ভৎসৰ্না কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই।