বৰপথাৰৰ লতাজুৰি নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰী আৰক্ষীৰ জালত... 
গোলাঘাট

বৰপথাৰৰ লতাজুৰি নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰী আৰক্ষীৰ জালত...

Asomiya Pratidin

ডিজিটেল সংবাদ বৰপথাৰঃ বৰপথাৰ থানাৰ অন্তৰ্গত লতাজুৰিত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ প্ৰায় ১১ দিনৰ পিছত বৰপথাৰ আৰক্ষীৰ জালত পৰিল হত্যাকাৰী ৷ পত্নী আৰু সন্তানক চেন্নাইলৈ পলুৱাই লৈ যোৱাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰিলে জিতেন মুৰ্মু নামৰ এজন লোকে ৷

জানিব পৰা মতে প্ৰথমতে মূৰত লাঠিৰে কোবাই আৰু তাৰ পিচত চোকা অস্ত্ৰৰে কাটি অতি নৃশংসভাৱে হত্যা কৰিলে সৰুপথাৰৰ ২ নং পদুমণিৰ মুছাৰফ হুছেইনক ৷ উল্লেখযোগ্য যে, যোৱা ২২ অক্টোবৰত সংঘটিত হোৱা উক্ত হত্যাকাণ্ড পোহৰলৈ আহিছিল যোৱা ২৭ অক্টোবৰত ৷

লতাজুৰি গাৱঁৰ এটা পুখুৰীত পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহটো ৷ উৱলি যোৱা মৃতদেহটো চিনাক্ত কৰাৰ পিচত মঙলবাৰে আৰক্ষীৰ জালত হত্যাকাৰী জিতেন মুৰ্মু জালত পৰাৰ পিচতহে পোহৰলৈ আহিছে হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য ৷

ইফালে মৃত মুছাৰফৰ মটৰচাইকেলখন হত্যাকাৰীয়ে হত্যাকাণ্ড সংঘটিত কৰা স্থানৰ কিছু দুৰৈৰ এটা পুখুৰীত পেলাই দিছিল ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷