গোলাঘাট

বোকাখাট আঞ্চলিক ছাত্র সন্থাৰ সমূহীয়া পদত্যাগ

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা ছাত্র সন্থাৰ কাৰ্যালয়ৰ চৌহদত থকা শ্বহীদ বেদীত বন্তি জ্বলাই বুধবাৰে গোলাঘাট জিলা ছাত্র সন্থাৰ সদ্য অপসাৰিত সভাপতি গীতাৰ্থ শইকীয়া আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ গগৈ সহ শতাধিক আছু কৰ্মীয়ে আছুৰ পৰা পদত্যাগ কৰে।

প্ৰসঙ্গ ক্ৰমে উল্লেখ কৰিব পাৰি যে যোৱা মাঘবিহুৰ উৰুকাৰ দিনা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা সাধাৰণ সম্পাদক আৰু বৰ্তমাৰ ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাক গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ আমন্ত্ৰণ কৰি ভোজ ভাত খুওৱাৰ অভিযোগত মাত্ৰ চাৰি মাহৰ পূৰ্বে নিৰ্বাচিত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি গীৰ্তাথ শইকীয়া আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ গগৈক এবছৰৰ বাবে সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি দি অন্য দুজন ছাত্ৰক ভাৰপ্ৰাপ্ত সভাপতি ,সম্পাদকৰ দায়িত্ব দিছিল।

ছাত্ৰ দুজনৰ ওপৰত গ্ৰহণ কৰা এনে কঠোৰ সিদ্ধান্ত প্ৰত্যাহৰৰ বাবে গোলাঘাটৰ বিভিন্ন দল সংগঠনে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি আহ্বান জনাইছিল যদিও আছুৰ কেন্দ্ৰীয় সমিতি নিজৰ স্থিতিতে অতল হৈ থকাত বুধবাৰে দুয়োজন অপসাৰিত সভাপতি সম্পাদকে গোলাঘাটৰ মৈত্ৰী সংঘত এক সংবাদ মেলক সম্বোধন কৰি আছুৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

সংবাদ মেলত আছুৰ গোলাঘাট, কাজিৰঙা, নুমলীগড়, বোকাখাট, কমাৰগাওঁ আদি আঞ্চলিক সমিতিৰ শতাধিক সদস্যও উপস্থিত থাকি আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰে। সংবাদ মেলৰ পাছতে আছুৰ পদত্যাগী দলটোৱে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় লৈ যায় আৰু ছহিদ বেদীত শ্ৰদ্ধাঞ্জলি জনায় পদত্যাগ পত্ৰ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ নতুন নেতৃত্বৰ হাতত অৰ্পণ কৰে।

উল্লেখ্য যে, অপসাৰিত নেতা দুগৰাকীয়ে পদত্যাগৰ পিছত সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে, গোলাঘাট আছুৰ কাৰ্যালয়ত ভোজ খাবলৈ নিমন্ত্ৰণ জনোৱা হৈছিল মন্ত্ৰী অতুল বৰাক।সমগ্ৰ বিষয়টোত সভাপতি-সম্পাদকৰ সৈতে জড়িত আছিল কেন্দ্ৰীয় উপ-সভাপতি তথা জিলা ছাত্র সন্থাৰ অভিভাৱক স্বৰূপ অভিৱৰ্তন গোস্বামীও। এই সকলো কথা জনাৰ পাছতো কেন্দ্ৰীয় সমিতিয়ে কেৱল সভাপতি সম্পাদকক বলিৰ পাঠা সজাই অভিৱৰ্তন গোস্বামীৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো ৰহস্যজনক বুলিও অপসাৰিত নেতৃত্বই মন্তব্য কৰে। লগতে তেওঁলোকে কয় যে আজি বোকাখাট আঞ্চলিক সমিতিয়ে সমূহীয়া পদত্যাগ কৰাৰ লগতে অন্য কেইবাখনো আঞ্চলিকৰ তিনিশতাধিক সদস্যই পদত্যাগ কৰিছে।