প্ৰতীকি ফটো 
গোলাঘাট

বোকাখাতত পুনৰ সলিল সমাধিৰ ঘটনা : মৰিধনশিৰি নদীত প্ৰাণ গ'ল...

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাত : বোকাখাতত পুনৰ সলিল সমাধিৰ ঘটনা। বোকাখাত নগৰৰ ১নং ৱাৰ্ডৰ মাজেৰে বৈ যোৱা মৰিধনশিৰি নদীৰ ষঠপূজাৰ ঘাটত বুধবাৰে সংঘটিত হয় এই ঘটনা।

ঘটনা অনুসৰি খুচনচিব আলম নামৰ এজনলোক কেইজনমান কিশোৰৰ লগত নদীত মাছ মাৰিবলৈ নামোতেই পানীত ডুবি যায়। লোকজনক পানীত ডুবি যোৱা দেখি স্থানীয়লোকে ততাতয়াকৈ উদ্ধাৰ কৰি সংকটজনক অৱস্থাত বোকাখাত শ্বহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

মৃত খুচনচিব আলম তেজপুৰ ঢেকীয়াজুলিৰ নিবাসী আছিল। বোকাখাতত থকা শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল খুচনচিব আলমে। উল্লেখযোগ্য যে, বুধবাৰৰ ঘটনাটোৰ সৈতে বিগত দুটা মাহত বোকাখাতত চাৰিটাকৈ সলিল সমাধিৰ ঘটনা সংঘটিত হৈছে। ইয়াৰে দুটাকৈ ঘটনা কুৰুৱাবাহীত আনটো ৰঙাগৰা চাহবাগিচাত সংঘটিত হয়।