গোলাঘাট

বোকাখাতত প্ৰকৃত কৃষকে পোৱা নাই কৃষি বিভাগৰ সহযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত বিধান সভা সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সমষ্টিটোৰ একাংশ নেতা পালিনেতা আৰু অৱস্থাপন্ন কৃষকক কেনেদৰে কৃষি বিভাগৰ বিভিন্ন সা-সুবিধাৰে পুষ্ট কৰি আহিছে সেয়া তেওঁৰ দুটাকৈ কাৰ্যকালত গোপন হৈ থকা নাই।

আনকি অবৈধ তেল মাফিয়া, কাঠ মিলৰ স্বত্বাধিকাৰী, গো-সৰবৰাহকাৰী, দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীকো মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ সহযোগীৰ তালিকাত মুক্ত ভাৱেই লক্ষ্য কৰা যায়।

আনহাতে মন্ত্ৰীগৰাকীৰ দুটাকৈ কাৰ্যকালত ৰাজ্যখনৰ কৃষিৰ ক্ষেত্ৰখনতো তেওঁৰ চূড়ান্ত অসফলতাক লোকচক্ষুৰ পৰা আঁতৰাই ৰাখিবলৈও সময়ে সময়ে এইসকল অৱস্থাপন্ন কৃষকৰ কৃষিপথাৰৰ পৰা একাংশ অনুগত সাংবাদিকৰ সহযোগত বিজ্ঞাপনধৰ্মী আচৰণ কৰি অহাৰ কৌশল সচেতন নাগৰিকে লক্ষ্য কৰি আহিছে।

তাৰ বিপৰীতে বোকাখাতৰ একাংশ কঠোৰ পৰিশ্ৰমী কৃষকে কৃষি বিভাগৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈও কৃষিৰ ক্ষেত্ৰখনত যঠেষ্ট উৎপাদন কৰিবলৈ সক্ষম হৈছে। অথচ দুৰ্ভাগ্যজনকভাৱে এইসকল কৃষকে সংবাদ মাধ্যমৰ পৰা লাভ নকৰে উপযুক্ত প্ৰচাৰ।

তাৰ পাছতো ধনশিৰি নদীৰ বানপানী আৰু ব্যাপক খহনীয়াৰ লগত নিৰন্তৰ সংঘাট, কৈশোৰ কালৰ পৰাই ভোগী অহা সীমাহীন আৰ্থিক নাটনিৰ মাজতো বোকাখাতৰ আদৰ্শ চিনাকান গাঁৱৰ বাসুদেৱ দাসে এজন পৰিশ্ৰমী আৰু সফল কৃষক হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে।

চলিত বৰ্ষৰ ৰবি শস্যৰ উৎপাদন কালচোৱাত কৃষি বিভাগৰ পৰা কোনো ধৰনৰ সহায় সহযোগ নোহোৱাকৈয়ে বাসুদেৱ দাসে সম্পূৰ্ণ নিজা কৃষি পথাৰৰ পৰা বহিঃৰাজ্যলৈ ২২ টনতকৈও অধিক ৰঙালাও প্ৰেৰণ কৰি বৰ্তমানলৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ২ লাখ টকাতকৈও অধিক ধন।

যি সম‌য়ত কৃষি মন্ত্ৰী অতুল বৰাই নিজ সমষ্টি বোকাখাতৰ কৃষিখণ্ডলৈ অভুতপূৰ্ব বৰঙণি আগবঢ়াইছে বুলি প্ৰচাৰ মাধ্যমত ফুলজাৰী উৰুৱাইছে তেনে সময়ত প্ৰচাৰ মাধ্যমলৈ প্ৰথম বাৰৰ বাবে অহা বাসুদেৱ দাসৰ বক্তব্যইহে উন্মুক্ত কৰিছে বোকাখাতৰ কৃষিখণ্ডৰ প্ৰকৃত ছবিখন।