বানে তচনচ কৰিলে কৃষক, পশুপালকৰ সপোনঃ উটি গ'ল অৰ্ধশতাধিক গাহৰি, মৃত্যু কেইবাটাও পশুধনৰ... 
গোলাঘাট

বানে তচনচ কৰিলে কৃষক, পশুপালকৰ সপোনঃ উটি গ'ল অৰ্ধশতাধিক গাহৰি, মৃত্যু কেইবাটাও পশুধনৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতত বানে তচনচ কৰিছে কৃষক, পশুপালকৰ সপোন। দৈনিক ৩০০ লিটাৰ গাখীৰ উৎপাদনেৰে মৰিয়াহোলাত দুগ্ধ বিপ্লৱ সূচনা কৰা পশুপালকৰ বৃহৎ ক্ষতি। বানত উটি গ'ল অৰ্ধশতাধিক গাহৰি, মৃত্যু কেইবাটাও পশুধনৰ।

ঋণত ডুবি থকা পশুপালকৰ সন্মুখত এতিয়া বৃহৎ প্ৰত্যাহ্বান। বোকাখাতৰ বান বিধ্বস্ত মৰিয়াহোলাৰ চহলা চাপৰিৰ স্বামীনাথ চাহু আৰু পুত্ৰ ৰোহিত চাহুৱে ৯ টা বছৰৰ পূৰ্বে স্বাৱলম্বীতাৰ পথ বাচি লৈ মাত্ৰ এজনী জাৰ্চি গৰুৰে দেখিছিল এটা স্বচল জীৱনৰ সপোন। বহিঃৰাজ্যত কোম্পানীত কৰ্মৰত পুত্ৰয়ো চাকৰি বাদ দি স্বাৱলম্বীতাৰে জীৱন গঢ়াৰ সপোন বুকুত বান্ধি উভটি আহিছিল ঘৰলৈ। আৰম্ভ কৰিছিল বানবিধস্ত অঞ্চলৰ পৰা দুগ্ধ বিপ্লৱৰ।

ব্ৰহ্মপুত্ৰৰ খহনীয়াত সৰ্বস্বান্ত হোৱা স্বামীনাথে পুত্ৰক সাৰথি কৰি আৰম্ভ কৰা গো-পালনৰ ফাৰ্মখনত বৰ্তমানে আছে ৭০জনীৰো অধিক জাৰ্চি গাই। চৰকাৰী সাহায্য অবিহনেই নীৰৱে দুগ্ধ বিপ্লৱৰ সূচনা কৰা চাহুৰ ফাৰ্মত দৈনিক উৎপাদন হয় তিনিশৰ পৰা চাৰে তিনিশ লিটাৰ গাখীৰ।

বোকাখাতৰ লগতে নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চল আৰু গোলাঘাটৰ ভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰে স্বামীনাথ চাহুৰ ফাৰ্মৰ গাখীৰ। প্রতিদিনে বিক্ৰী কৰে প্ৰায় ১৮ হাজাৰ টকাৰ গাখীৰ। শেহতীয়াকৈ ব্যক্তিগত বেংকৰ ঋণ লৈ লগতে এখন গাহৰি ফাৰ্মো সংযোগ কৰি লৈছে তেওঁলোকে।

কিন্তু দুৰ্ভাগ্যজনক কথা যে যোৱা কেইটা দিনত হোৱা প্ৰলয়ংকাৰী বানে একপ্ৰকাৰ বিধস্ত কৰি পেলালে পৰিয়ালটোক। বানত মৃত্যু হ'ল কেইটাও পশুধন। ফ্ৰামখনৰ পৰা বানে উটুৱাই নিলে ঋণ লৈ পোহা অৰ্ধশতাধিক গাহৰি। নষ্ট হ'ল হাজাৰ হাজাৰ টকাৰ পশুদানা। ইতিমধ্যে বানত আক্ৰান্ত হৈ মূমূৰ্ষপ্ৰায় অধিক সংখ্যক পশুধন।

ইফালে পৰ্যাপ্ত খাদ্যৰ অভাৱত আক্ৰান্ত পশুধনৰ পৰা কৰিব পৰা নাই দুগ্ধ উৎপাদনো, পৰিশোধ কৰিব লাগে বেংকৰ ঋণ। একপ্ৰকাৰ বিপদত এতিয়া স্বাৱলম্বী পশুপালক পিতা-পুত্ৰ। উল্লেখযোগ্য যে চলিত বৰ্ষতে এই দুই পিতা-পুত্ৰক গণৰাজ্য দিৱসত ভাৰত চৰকাৰে নতুন দিল্লীলৈ মাতি নি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা গো-কুল মিছন আঁচনিৰ দ্বাৰা জনোৱা হৈছিল বিশেষ সম্বৰ্ধনা। লাভ কৰিছিল অংকুৰিত অসম কৃষি বঁটাও।

পিছে বিপদৰ সময়ত এতিয়া এই আদৰ্শ পশুপালকদ্বয়ৰ কাষত উপস্থিত হ'বলৈও আহৰি হোৱা নাই বোকাখাত প্ৰশাসন,জনপ্ৰতিনিধি কিম্বা পশু চিকিৎসা বিভাগৰ। ইতিমধ্যে মুখ্যমন্ত্ৰীলৈ সাহাৰ্য বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে বিপৰ্যস্ত পশুপালকদ্বয়ে।