গোলাঘাট

হঠাৎ বন্ধ হ'ল ৬১ বছৰে স্বাস্থ্যসেৱা আগবঢ়াই অহা এখন চিকিৎসালয়: হাহাকাৰ লাগিল ৰোগীৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাত : নিশাটোৰ ভিতৰতে তলা ওলমিল ৬১ বছৰে স্বাস্থ্যসেৱা আগবঢ়াই অহা বোকাখাতৰ এখন ক্ষুদ্ৰ চিকিৎসালয়ত। স্থানীয় ৰাইজৰ অগোচৰেই বন্ধ কৰি দিয়া হ'ল চিকিৎসালয়খন।

জানিব পৰা মতে, বোকাখাতৰ উত্তৰ পূব কাজিৰঙা গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰভেটা অঞ্চলত ১৯৬২ চনতে প্ৰতিষ্ঠা কৰা হৈছিল এখন ক্ষুদ্ৰ চিকিৎসালয়খন। প্ৰায় ২০ খনৰো অধিক গাঁৱৰ ৰাইজক স্বাস্থ্য সেৱা আগবঢ়াই আহিছিল এই ক্ষুদ্ৰ চিকিৎসালয়খনে। কিন্তু সোমবাৰে পুৱা চিকিৎসালয়খনলৈ আহি হতবাক হ'ল ৰোগী। কিয়নো চিকিৎসালয়ৰখনৰ দুৱাৰত ওলমি আছিল একোটাকৈ তলা।

ইতিমধ্যে চিকিৎসালয়খন কাৰ্বি আংলং জিলাৰ ডলামৰালৈ স্থানান্তৰিত হোৱা বুলি অৱগত হোৱাৰ পাছতে হাহাকাৰ লাগিছে ২০ খনৰো অধিক গাঁৱৰ ৰাইজৰ মাজত। স্থানীয় ৰাইজক অৱগত নকৰাকৈ নিশাটোৰ ভিতৰতে চিকিৎসালয়খন কাৰ্বি আংলং জিলালৈ স্থানান্তৰিত কৰা কাৰ্যত ক্ষোভিত হৈ পৰিছে বোকাখাতৰ দুটাকৈ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ২০খনৰো অধিক গাঁৱৰ ৰাইজ।

কোনো কাৰণতে চিকিৎসালয়খন বন্ধ হ'বলৈ নিদিয়াৰ লগতে পুনৰ মুকলিৰ দাবীৰে স্থানীয় ৰাইজৰ লগতে দল সংগঠনে চিকিৎসালয়খনৰ সন্মুখত সোমবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।