লখৌজানত গাড়ীৰ টেংকী বনোৱা কাৰখানাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগঃ দুই সাংবাদিকে গোচৰ দিলে আৰক্ষীক... 
গোলাঘাট

লখৌজানত গাড়ীৰ টেংকী বনোৱা কাৰখানাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগঃ দুই সাংবাদিকে গোচৰ দিলে আৰক্ষীক...

Asomiya Pratidin

ডিজিটল সংবাদ বোকাখাতঃবোকাখাতৰ এটা গাড়ীৰ টেংকী বনোৱা কাৰখানাত কৰ্মৰত অৱস্থাতেই টেংকীৰ প্ৰচণ্ড বিস্ফোৰণত ঘটি ললিত গন্ধীয়া নামৰ এগৰাকী শ্ৰমিকৰ কৰুণভাৱে মৃত্যু হোৱাৰ পাছত পোহৰলৈ আহিছে ন ন তথ্য। বোকাখাত লখৌজানৰ এন. কে. হাজৰিকা নামৰ ব্যক্তিজনৰ Explotech india নামৰ কাৰখানাটোত বিগত ১৫ জুলাইত সংঘটিত হৈছিল কৰুণ ঘটনাটো।

অভিযোগ অনুসৰি শ্ৰমিকৰ নিৰাপত্তা, বীমা, PF, ESIC আদিৰ ব্যৱস্থা নকৰাকৈ যেন মৃত্যুৰ কাৰখানালৈ পৰিণত হৈছিল Explotech india নামৰ কাৰখানাতো। ইয়াৰ পাছতেই বোকাখাতৰ আন কেইবাটাও গাড়ীৰ টেংকী তৈয়াৰ কৰা কাৰখানাতো অনুৰূপ ঘটনা সংঘটিত হৈ থকাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।

বোকাখাত মহকুমা প্ৰশাসনৰ চকুৰ তলতেই লখৌজানত নীতি বৰ্হিভূত ভাৱে চলি আছে আন এটা কাৰখানা। অনুৰূপ ধৰণেই এই কাৰখানাতোটো নাই শ্ৰমিকৰ নিৰাপত্তাৰ ব্যৱস্থা। শ্ৰমিক আইনৰ উলংঘনৰ লগতে, শ্ৰমিকৰ স্বাস্থ্যজনিত বিষয়বোৰতো অৱহেলা কৰি আহিছে এই কাৰাখানাত।

সেয়ে Explotech indiaৰ দৰেই যে এই কাৰখানাতো অনুৰূপ ঘটনা সংঘটিত নহ'ব তাৰ কোনো নিশ্চয়তা নাই। শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলি এইদৰে এই কৰাখান চলাই আহিছে যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বোকাখাত মহকুমা প্ৰশাসনে।

এনে পৰিপ্ৰেক্ষিততে আজি উক্ত কাৰখানাটোলৈ ক্ষেত্ৰভিত্তিক অনুসন্ধানৰ বাবে যোৱা কাজিৰঙাৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাৰ লগতে আন এগৰাকী মহিলা সাংবাদিকক অপদস্থ কৰি মোবাইল কাঢ়ি ল'বলৈ চেষ্টা কৰাৰ লগতে শাৰিৰীকভাৱে আক্ৰমণ কৰিবলৈ উদ্যত হয় কাৰখানাটোৰ মালিক ভাস্কৰ শইকীয়াসহ প্ৰায় দহ পোন্ধৰ জনীয়া এটা দল।

ইফালে দলটোৰ আক্ৰমণৰ পৰা কথমপি নিজকে ৰক্ষা কৰি উক্ত স্থানৰ পৰা আঁতৰি আহিবলৈ সক্ষম হয় দুই সাংবাদিক। ইতিমধ্যে সমগ্ৰ ঘটনা অৱগত কৰি বোকাখাত আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছে ভুক্তভোগী দুই সাংবাদিকে।

গুৰুত্বপূৰ্ণ কথা যে এই কাৰখানাটোৰ গাতে লাগি আছে এটা অংগনৱাড়ী কেন্দ্ৰ । নাতিদূৰতে অৱস্থিত এখন জুনিয়ৰ কলেজ। সামান্য দুৰত্বতে আছে এখন প্ৰাথমিক বিদ্যালয় আৰু এটি চিকিৎসা কেন্দ্ৰও। তাৰপাছতো উচ্চক্ষমতা সম্পন্ন বিদুৎ আৰু ভয়ংকৰ বিস্ফোৰকৰ দৈনিক ব্যৱহাৰ হৈ থকা এই কাৰখানাটোৱে কেনেকৈ পালে কাৰখানা প্ৰতিষ্ঠাৰ আপত্তিবিহীন প্ৰমানপত্ৰ।

যিকোনো মুহূৰ্তত বিস্ফোৰণ ঘটি কলেজীয়া ছাত্ৰ-ছাত্ৰী আৰু কণ কণ শিশুৰ সৈতে নঘটিবলগীয়া বিপদ ঘটাৰ সম্ভাৱনা প্ৰৱল। এনে পৰিস্থিতিত কি যুক্তিত ৰজাবাৰী পঞ্চায়তে কাৰখানাটোৰ অনুমতি দিলে সেয়াও এক ডাঙৰ প্ৰশ্ন।

সেয়ে এতিয়া প্ৰশ্ন উত্থাপন হৈছে,অদূৰ ভবিষ্যতে যদি Explotech indiaৰ শ্ৰমিক ললিত গন্ধীয়াৰ দৰেই কোনো আন শ্ৰমিকে ইয়াত মৃত্যুবৰণ কৰিলগীয়া হয় তেন্তে ইয়াৰ দায়িত্ব কোনে ল'ব? প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰ ভাস্কৰ শইকীয়া অথবা ৰজাবাৰী পঞ্চায়ত, বোকাখাত মহকুমা প্ৰশাসনে সেই দায়িত্ব ল'বনে?

অতি গুৰুত্বপূৰ্ণ কথা যে এই কাৰখানাটোৰ গাতে লাগি আছে এটা অংগনৱাড়ী কেন্দ্ৰ । নাতিদূৰতে অৱস্থিত এখন জুনিয়ৰ কলেজ। সামান্য দুৰত্বতে আছে এখন প্ৰাথমিক বিদ্যালয় আৰু এটি চিকিৎসা কেন্দ্ৰও। তাৰপাছতো উচ্চক্ষমতা সম্পন্ন বিদুৎ আৰু ভয়ংকৰ বিস্ফোৰকৰ দৈনিক ব্যৱহাৰ হৈ থকা এই কাৰখানাটোৱে কেনেকৈ পালে কাৰখানা প্ৰতিষ্ঠাৰ আপত্তিবিহীন প্ৰমানপত্ৰ।