ৰাইজৰ প্ৰতিবাদত বিদ্যুতপৃষ্ট হৈ মৃত যুৱকৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ বাধ্য হ'ল বিদ্যুৎ বিভাগ  
গোলাঘাট

ৰাইজৰ প্ৰতিবাদত বিদ্যুতপৃষ্ট হৈ মৃত যুৱকৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ বাধ্য হ'ল বিদ্যুৎ বিভাগ

Asomiya Pratidin

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতৰ দিচৈ পঞ্চায়তৰ অন্তৰ্গত ৰিৰিগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ, টি এম পি কে আৰু জীপাল কৃষক শ্ৰমিক সংঘই এক প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি মঙ্গলবাৰে উত্তাল কৰি তোলে কমাৰগাঁও বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয় চৌহদ।

সোমবাৰে ৰিৰিগাঁৱৰ ৰাতুল কুটুম নামৰ যুৱকজন অসম চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে অনুশীলন কৰি ঘৰলৈ ঘূৰি আহোঁতে পথত পৰি থকা এডাল বিদ্যুতৰ তাঁৰত ভৰি লাগি বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয়। ইফালে উক্ত গাঁওখনতে কমাৰগাঁও বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ৰ তৰফৰ পৰা বিদ্যুতৰ মেৰামতি কৰিছিল কাৰ্যালয়তোৰ কৰ্মচাৰীয়ে।

উক্ত মেৰামতি কাৰ্যতেই কৰা হেমাহিৰ বাবে মৰ্মান্তিক ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। মৰ্মান্তিক ঘটনাটোৰ পাছতেই মঙ্গলবাৰে মৃত ৰাতুল কুটুমৰ মৃত্যুৰ ক্ষতিপূৰণৰ দাবীত স্থানীয় ৰাইজ, টি এম পি কে আৰু জীপাল কৃষক শ্ৰমিক সংঘই কমাৰগাঁও বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি বংকোৱাল, ৰিৰিগাঁও আদি অঞ্চলত বিগত সময়চোৱাত হৈ যোৱা প্ৰলয়ংকাৰী বানপানীৰ সময়ত ছিন্ন ভিন্ন হৈ বিদ্যুৎ পৰিবাহী তাঁৰ, খুঁটা আদিৰ শীঘ্ৰে মেৰামতিৰ দাবী কৰে।

অৱশেষত প্ৰায় দুঘণ্টা জুৰি হোৱা প্ৰতিবাদৰ অন্তত ৰাইজৰ দাবী মানি ল'বলৈ বাধ্য হয় কমাৰগাঁও বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় আৰু লগে লগেই মৃত ৰাতুল কুটুমৰ পৰিয়ালক ৪ লাখ টকাৰ ক্ষতিপূৰণ আৰু পৰিয়ালৰ এজন বিদ্যুৎ বিভাগত মকৰল কৰাৰ লিখিত আশ্বাস প্ৰদান কৰে কাৰ্যালয়টোয়ে।