বকিয়াল হাইস্কুলৰ অনন্য প্ৰয়াসঃ উদ্ভাৱনী মূলক কৰ্মৰে উজ্বলিছে শিক্ষাৰ্থীসকল  
গোলাঘাট

বকিয়াল হাইস্কুলৰ অনন্য প্ৰয়াসঃ উদ্ভাৱনী মূলক কৰ্মৰে উজ্বলিছে শিক্ষাৰ্থীসকল

Asomiya Pratidin

ডিজিটেল সংবাদ নুমলীগড়: গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত এখন সোণালী জয়ন্তী বৰ্ষ গৰকা বিদ্যালয় হৈছে মৰঙি মৌজাৰ বকিয়াল উচ্চ মাধ্যমিক বিদ্যালয়। বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান আগবঢ়াই অহা এই চৰকাৰী বিদ্যালয়খনত দেখা পোৱা যায় এক ব্যতিক্ৰমী দৃশ্য।

কণ কণ শিক্ষাৰ্থীসকলে বিদ্যালয়খনত অধ্যয়নৰ লগতে শিকি গৈছে বিভিন্ন ধৰণৰ কাৰিকৰী জ্ঞান। ইয়াত থকা চাহ বাগিচা, মূল্যবান গছৰ বাগিচা, ফল-মূলৰ বাগিচা, শাক-পাচলিৰ বাগিচা, ঔষধি গছৰ বাগিচা, কেঁচু সাৰৰ প্ৰকল্পই দৃষ্টি কাঢ়িছে সকলোৰে।

স্বাধীনতা আন্দোলনত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা বকিয়াল অঞ্চলত ১৯৬৬ চনতে প্ৰতিষ্ঠা কৰা হৈছিল এই বিদ্যালয়খন। ইয়াৰ পিছৰে পৰা গৌৰৱময় যাত্ৰা অতিক্ৰম কৰিছে বিদ্যালয়খনে।

বিগত বছৰত 'পি এম শ্ৰী' সন্মান লাভ কৰে এই বিদ্যালয়খনে। সৰুপথাৰ বিধানসভা সমষ্টিৰ ভিতৰতে এইয়া প্ৰথমখন 'পি এম শ্রী' হাইস্কুল আছিল। ইপিনে, এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগুৰুৰ সহযোগত বহুতো উদ্ভৱনীমূলক কামত আত্মনিয়োগ কৰা দেখা গৈছে।

ইয়াৰ জৰিয়তে ইতিমধ্যে বহু কেইটা মডেল প্ৰস্তুত কৰি উলিয়াইছে। মটৰ চাইকেল চুৰীৰ পৰা ৰক্ষা কৰা বিশেষ ডিভাইছ, সৰ্পদংশনৰ পৰা ৰক্ষা কৰা বিশেষ চেণ্ডেল, স্বয়ংক্ৰিয় ডাষ্টবিনকে আদি কৰি বহু ইলেক্ট্রিক ভেহিকল আদি প্ৰস্তুত কৰি উলিয়াইছে বিদ্যালয়ৰ ডিজিটেল শ্ৰেণী কোঠাৰ সৈতে থকা বিজ্ঞানাগাৰত।

যি সময়ত চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশ সম্পৰ্কে প্ৰশ্ন উত্থাপিত হয়, তেনে সময়তে বকিয়াল উচ্চ মাধ্যমিক বিদ্যালয়ৰ এনে কৰ্মৰাজিয়ে আশাৰ সঞ্চাৰ কৰিছে। বিভিন্ন মহলে শলাগ লৈছে।

ইপিনে, বিদ্যালয়খনক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণৰ নিৰ্দেশনা আহিছে যদিও পৰ্যাপ্ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী শিক্ষকৰ অভাৱত বিদ্যালয়খনত উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি কৰিব পৰা নাই। এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই সংশ্লিষ্ট বিভাগক আহ্বান জনাইছে।