গোলাঘাট

মেৰাপানীত বড়ো কছাৰী কল্যাণ স্বায়ত্ত্ব পৰিষদৰ কেইবাটাও আঁচনি শুভাৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাৰ মেৰাপানীৰ তেলীশালত সোমবাৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ত্ব পৰিষদৰ তৰফৰ উদ্যোগত কেইবাটাও আঁচনিৰ শুভ উন্মোচন কৰা হয়। লগতে পৰিষদৰ অন্তৰ্গত চিচুপানী অঞ্চলৰ প্ৰায় ৭০ গৰাকী ক্ষুদ্ৰ ব্যৱসায়ী, মহিলাক পৰিষদৰ IBS আঁচনিৰ জৰিয়তে ১০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰে।

সীমান্ত গাঁও পঞ্চায়তৰ অন্তৰ্গত বড়ো কছাৰী কল্যাণ স্বায়ত্ত্ব পৰিষদৰ ২০২৩-২৪ ৰ পুঁজিৰে নিৰ্মাণ কৰা পশ্চিম কমতাপুৰ হৰিমন্দিৰ আৰু ১ নং শান্তিপুৰ বাথৌ মন্দিৰৰ চৌহদৰ পকী বেৰা শুভ উদ্বোধন কৰি ৰাইজৰ বাবে উৎসৰ্গিত কৰে।

এই অনুষ্ঠানত বড়ো কছাৰী কল্যাণ স্বায়ত্ত্ব পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী ৰমিঅ' পি নাৰ্জাৰী, পৰিষদৰ কাৰ্যৱাহী সদস্যদ্বয় প্ৰদীপ স্বৰ্গীয়াৰী আৰু বিনোদ বসুমতাৰী, সমাজকৰ্মী পোনা বৰা, সংযুক্ত বড়ো গণ মঞ্চৰ সম্পাদক পীতাম্বৰ ব্ৰহ্ম আদি উপস্থিত থাকে।

উল্লেখ্য যে বড়ো কছাৰী কল্যাণ পৰিষদে সীমিত পুঁজিৰে বিটিআৰৰ বাহিৰৰ অসমৰ ২২ খন জিলাতে বসবাস কৰা বড়ো জনগোষ্ঠীয় লোক সকলৰ শিক্ষা, সংস্কৃতি, আৰ্থ-সামাজিক বিকাশৰ লগতে সৰ্বাঙ্গীন উন্নয়ণৰ বাবে কাম কৰি আহিছে। চলিত বৰ্ষতো পৰিষদে গোলাঘাট জিলাখনৰ ৯ গৰাকী ছাত্ৰ-ছাত্ৰীক বৃত্তিগত শিক্ষাৰ অধ্যয়ণৰ বাবে সমগ্ৰ ব্যয় বহন কৰা বুলি ৰমিঅ' পি নাৰ্জাৰীয়ে জানিবলৈ দিয়ে।