যুৱ ব্যৱসায়ী ৰঞ্জিৎ বৰাৰ অকাল মৃত্যুত শোকস্তব্ধ কুৰুৱাবাহীবাসী... 
গোলাঘাট

যুৱ ব্যৱসায়ী ৰঞ্জিৎ বৰাৰ অকাল মৃত্যুত শোকস্তব্ধ কুৰুৱাবাহীবাসী...

Asomiya Pratidin

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাত কুৰুৱাবাহীৰ এজন সৰবৰাহী যুৱ ব্যৱসায়ী ৰঞ্জিৎ বৰা (বজৌ)ৰ অকাল মৃত্যুয়ে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ অঞ্চলবাসীক।এগৰাকী যুৱ ব্যৱসায়ী হিচাপে অঞ্চলটোত যঠেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰয়াত ৰঞ্জিৎ বৰাক উচ্চ ৰক্তচাপজনিত কাৰণত মঙলবাৰে পুৱা নুমলীগড় বিবেকানন্দ হাস্পতাল আৰু পৰবৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যোৰহাট মিছন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও বুধবাৰে পুৱতি নিশা হাস্পতালখনতেই মৃত্যুক সাবতি লয় যুৱকজনে।

যুৱকজনৰ মৃত্যুৰ সংবাদ অঞ্চলটোত বিয়পি পৰাৰ লগে লগেই শোকস্তব্ধ হৈ পৰে অঞ্চলবাসী। উল্লেখযোগ্য যে, ব্যৱসায়ৰ লগতে অঞ্চলটোৰ সাংস্কৃতিক অনুষ্ঠান গোপাল দেৱ নাট্য সমিতিৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ থকা প্ৰয়াত ৰঞ্জিৎ বৰাক গোপাল দেৱ নাট্য মন্দিৰ প্ৰাংগনত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গুণমুগ্ধসকলে।

মৃত্যুৰ সময়ত মাতৃ, পত্নী, তিনিগৰাকী কন্যা সন্তান, জেষ্ঠ ভাতৃ সহিতে অজস্ৰ গুণমুগ্ধক এৰিথৈ যায় প্ৰয়াত ৰঞ্জিৎ বৰাই।