গোলাঘাট

জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান

দেওবাৰে সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই গীত পৰিৱেশন কৰিব

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাটৰ জৱাহৰ নৱোদয় বিদ্যালয়ত শনিবাৰৰ পৰা আৰম্ভ হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান । খুমটাইৰ চিনাতলীস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সংস্থা “নৱোজীয়া”ৰ প্ৰচেষ্টাত “ৰোমন্থন” নামেৰে ব্যতিক্ৰমীভাৱে আয়োজন কৰিছে ৰূপালী জয়ন্তীৰ কাৰ্যসূচী ৷

বিধায়ক মৃণাল শইকীয়াই পতাকা উত্তোলন কৰি আৰম্ভ কৰিলে দুদিনীয়া অনুষ্ঠানটোৰ । পতাকা উত্তোলন কৰি বিধায়কগৰাকীয়ে ৰোমন্থন কৰিলে নিজৰ স্কুলীয়া জীৱনৰ স্মৃতি । ইয়াৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,বিভিন্ন স্মৃতি বিজড়িত স্মৃতি আলয় আৰু ৰূপালী জয়ন্তীৰ স্মৃতিসৌধ উন্মোচন কৰা হয়।

প্ৰায় ২হেজাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰাক্তন শিক্ষক আৰু বহু আমন্ত্ৰিত সদস্যই অংশগ্ৰহণ কৰা অনুষ্ঠানটিত সকলোৱে বিদ্যালয়খনৰ স্মৃতি ৰোমন্থন কৰে । বৰ্তমান ৰাজ্যৰ বাহিৰত কৰ্মৰত হৈ থকা প্ৰাক্তন শিক্ষক সকলো আহিছে অনুষ্ঠানটোলৈ । আজি বিয়লিলৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুয়ে অংশগ্ৰহণ কৰিব ৰূপালী জয়ন্তীৰ কাৰ্যসূচীত ।

আনহাতে এই অনুষ্ঠানত ক্ৰীড়াবিদ লাভলিনা বৰগোঁহাই, ছবি পৰিচালক বিশ্বজিৎ বৰা প্ৰমুখ্যে বহু লোক উপস্থিত থাকিব বুলি উদ্যোক্তাই জানিবলৈ দিছে। আটকধুনীয়াকৈ সজাই পৰাই তুলিছে বিদ্যালয়খনৰ চৌদিশ ৷ দেওবাৰে সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই গীত পৰিৱেশন কৰিব ৷