ভূপেন বৰা, ৰকিবুল হুছেইন,দেৱব্ৰত শইকীয়াৰ উপস্থিতিত ৰজলীনা তিৰ্কীৰ মনোনয়ন দাখিল... 
গোলাঘাট

ভূপেন বৰা, ৰকিবুল হুছেইন,দেৱব্ৰত শইকীয়াৰ উপস্থিতিত ৰজলীনা তিৰ্কীৰ মনোনয়ন দাখিল...

Asomiya Pratidin

ডিজিটেল সংবাদ গোলাঘাটঃ ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰছ তথা বিৰুধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰজলীনা তিৰ্কিয়ে আজি কাজিৰঙা লোকসভা সমষ্টিৰ গোলাঘাটস্থিত ৰিটাৰ্নিং বিষয়াৰ ওচৰত তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে। আজি পুৱাৰ ভাগতে সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা হেজাৰো সমৰ্থক প্ৰাৰ্থীগৰাকীৰ শলমৰাস্থিত বাসভৱনৰ সমুখত সমবেত হয় আৰু তাৰ পৰাই ঢোলে দগৰে এক উছৱমুখৰ পৰিবেশৰ মাজেৰে বিহু, ঝুমুৰ, গায়ন বায়ন আদি অসমীয়া থলুৱা কৃষ্টি সংস্কৃতিৰে পৰিপূৰ্ণ এক সমদলেৰে গোলাঘাটৰ কংগ্ৰেছ ভৱনলৈ প্ৰাৰ্থীগৰাকীক আদৰি আনে।

কংগ্ৰেছ ভৱনত অনুষ্ঠিত হোৱা এক সভাত কংগ্ৰেছ দলকে ধৰি বিৰোধী ঐক্যমঞ্চৰ বিভিন্ন বিষয়ববীয়াই প্ৰাৰ্থীগৰাকীক উষ্ম আদৰণি জনায়। এই সভাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ, আম আদমী পাৰ্টিৰ ৰাজ্যিক সম্পাদক ৰাজু ফুকন, ৰাইজৰ দলৰ প্ৰবীণ দাস আদিকে ধৰি চিপিআই, চিপিএম আদি দলৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

এই সভাৰ পৰাই প্ৰাৰ্থী ৰজলীনা তিৰ্কীক সমদলেৰে সমৰ্থকসকলে ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়লৈ লৈ যায়। প্ৰাৰ্থীগৰাকীৰ এই মনোনয়ন যাত্ৰাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক, বিধায়িকা ক্ৰমে ৰকিবুল হুছেইন, নন্দিতা দাস আদিয়েও অংশগ্ৰহণ কৰে।

সভাপতি ভূপেন বৰাই ৰজলীনা তিৰ্কী এগৰাকী শক্তিশালী নেত্ৰী বুলি উল্লেখ কৰি কয় যে কাজিৰঙাত আমাৰ ভেটী পূৰ্বৰে পৰা সুদৃঢ় হৈ আছে আৰু এইবাৰ আমি ইয়াত বিজয়ৰ ধ্বজ্জা উৰুৱাবলৈ নিশ্চিতভাৱে সক্ষম হম। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ২০২৬ ৰ বিধান সভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি সমষ্টিৰ পৰাই প্ৰতিদ্বন্দিতা কৰিব সেই সমষ্টিৰ পৰাই তেৱো প্ৰতিদ্বন্দিতা আগবঢ়াব।

অন্যহাতে আজি গোলাঘাটত ১০নং কাজিৰঙা সংসদীয় সমষ্টিৰ বাবে আৰু তিনিজনকৈ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ ভিতৰত ভাৰতীয় কংগ্ৰেছ দলৰ হৈ ৰজলীনা তিৰ্কী, ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকাৰ আৰু নিৰ্দলীয় প্ৰাৰ্থী বিনোদ গগৈয়ে কাজিৰঙাৰ সংসদীয় সমষ্টিৰ ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দখিল কৰে।

অন্যহাতে আজি ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলাৰ মেডিয়া সমন্বয়ক দিকি শৰ্মাই জনাইছে যে মুখ্যমন্ত্ৰীৰ উপস্থিতিত কাইলৈ পুৱা ১১ বজাত দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই মনোনয়ন পত্ৰ দাখিল কৰিব।